নগাঁৱৰ পৰা ৱাহিদুদ জামান:
নগাঁও চহৰত একাংশ অবিবেচকী কাণ্ডজ্ঞানহীন লোকে পদে-পদে 'লকডাউন'ৰ নীতি-নিৰ্দেশনাক উলংঘা কৰি অৰাজক পৰিৱেশৰ সৃষ্টি কৰিছে।তলাবন্ধক গুৰুত্বহীন কৰি একাংশ লোকে ঈদৰ বজাৰ-সমাৰ কৰাৰ নামতেই চহৰখনৰ বৰবজাৰকে প্ৰমুখ্য কৰি বিভিন্ন বজাৰত অভাৱনীয় ভিৰৰ সৃষ্টি কৰিছে।কোনেও মানি চলা নাই সামাজিক দূৰত্বৰ নিৰ্দেশনা।আজি পুৱাৰে পৰা চহৰ খনৰ প্ৰাণকেন্দ্ৰ স্বৰূপ বৰবজাৰতো বজাৰ কৰিবলৈ অহা অজস্ৰ লোকে অভাৱনীয় ভিৰ কৰি আতংকময় পৰিৱেশৰ সৃষ্টি কৰে।দুপৰীয়াৰ সময়লৈ তলাবন্ধৰ নীতি-নিৰ্দেশনা উলংঘাকাৰীৰ দৌৰাত্ম্য দুগুণ বৃদ্ধি পায়।পিছত দুপৰীয়া প্ৰায় এক বজাত নগাঁও সদৰ আৰক্ষী থানাৰ আৰক্ষীৰ এটা দল গৈ বজাৰ খনত উপস্থিত হৈ তলাবন্ধৰ নীতি-নিৰ্দেশনা মানি চলিবলৈ ৰাইজক আহ্বান জনায়।আৰক্ষীৰ বাৰম্বাৰ আহ্বানকো ভেঙুচালি কৰি একাংশ উদণ্ড লোকে আৰক্ষীৰ দলটোৰ ওপৰতহে জপিয়াই পৰে।আৰক্ষীৰ দলটোৰ সৈতে তলাবন্ধ উলংঘাকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি লাগে। তদুপৰি এগিৰাকী প্ৰাক্তন আৰক্ষী কনিষ্টবল আৰজুল আলীয়ে (৫৭) কৰ্তব্যৰত উপ-পৰিদৰ্শক প্ৰদীপ বণিয়াক আক্ৰমণৰ লক্ষ্য কৰি লয়। আৰজুলে উপ পৰিদৰ্শক গৰাকীৰ পোছাক ফলাৰ লগতে তেওঁক শাৰীৰিকভাৱে আঘাত কৰে।আনকি উপপৰিদর্শক গৰাকীৰ পিষ্টল কাঢ়ি নিবলৈ চেষ্টা চলায়।পৰিস্থিতি বিষম দেখি আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ গুলী আৰজুলৰ ভৰিত লাগে।আনহাতে,একাংশ লোকে সংবাদ মাধ্যমক জনোৱা মতে আৰক্ষীৰ দলটোৰ সৈতে আৰক্ষী আৰু লকডাউন উলংঘাকাৰীৰ মাজত সংঘৰ্ষ হোৱাৰ সময়তে আৰক্ষীৰ কৰ্তব্যৰত এজন উপ-পৰিদৰ্শকৰ পিষ্টলৰে গুলী নিৰ্গত হোৱাত আৰজুলৰ গাত গুলী লাগে।এই গুলী চালনাত আৰজুল আলী আহত হোৱাৰ লগতে সেই গুলীৰ অংশ উফৰি গৈ বাহাৰুল নেছা(৩০) নামৰ মহিলা গৰাকীৰ গাত গুলি লাগি সামান্যভাৱে আহত হয়। আহত বাহাৰুল নেছাৰ ঘৰ চহৰ খনৰ মৰিকলং হোটেল বাৰীত। আনহাতে আৰজুলৰ ঘৰ চহৰ খনৰ ফৌজদাৰী পট্টিৰ আবু পথত।পাছত আৰজুলক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। নগাঁও চহৰৰ মৰিকলঙৰ এই মহিলা গৰাকীৰ ককাঁলৰ ওপৰত গুলী লাগে বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে শুকুৰবাৰৰ এই ঘটনাটোক লৈ আৰক্ষী আৰু স্থানীয় একাংশ লোকে পৰস্পৰ বিৰোধী ভাষ্য প্ৰকাশ কৰিছে।ঘটনাাৰ সন্দৰ্ভত নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়)মানস কুমাৰ শইকীয়াই কয় যে,তলাবন্ধৰ সময়ত ৰাইজ আৰু ব্যৱসায়ী সকলে সামাজিক দূৰত্বৰ নিৰ্দেশনা মানি চলিছেনে নাই তাক পৰ্যৱেক্ষণ কৰে আৰক্ষীয়ে।সেই মৰ্মে আজি দুপৰীয়া নগাঁও সদৰ থানাৰ পৰা উপ-পৰিদৰ্শক প্ৰদীপ বণিয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দল বৰবজাৰলৈ যায়।কিন্তু তাত এজন ফলমূলৰ ব্যৱসায়ীয়ে পথৰ ওপৰতে দোকান দি থকাত আৰক্ষী বিষয়াজনে তেওঁক অন্য সুবিধাজনক ঠাইলৈ দোকান খন স্থানান্তৰ কৰিবলৈ কয়।সেই সময়তে আৰজুল আলী নামৰ লোকজন আগবাঢ়ি আহে আৰু কৰ্তব্যৰত আৰক্ষীয়ে প্ৰথমে তৰ্কা তৰ্কি আৰু পাছত হতাহতিত লিপ্ত হয়।উপ-আৰক্ষী অধীক্ষক শইকীয়াই আৰু কয়,"আৰজুল আলীয়ে কৰ্তব্যৰত আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক শাৰীৰিক ভাৱে অপদস্থ কৰি তেঁওৰ পোচাক যোৰো টাণি আজুৰি ফালে।ইমানতে ক্ষান্ত নাথাকি তেওঁ আৰক্ষী বিষয়াজনৰ পিষ্টলটোও কাঢ়ি নিয়াৰ চেষ্টা চলায়। দুৰ্ভাগ্যবশতঃ প্ৰদীপ বণিয়াৰ পিষ্টলৰে গুলী নিৰ্গত হয়।আৰজুল আলী আৰক্ষীৰ প্ৰাক্তন কণিষ্টবল।তেওঁক অসম আৰক্ষীৰ পৰা অব্যাহতি দিয়া হৈছিল। তাৰোপৰি তেওঁ ড্ৰাগছ ব্যৱসায়ৰ লগতো জড়িত।পূৰ্বতে তেওঁক আৰক্ষীয়ে ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰিছিল।"সমগ্ৰ ঘটণাটোৰ সন্দৰ্ভত এক তদন্ত কৰা হ'ব বুলিও তেওঁ সাংবাদিকক জানিবলৈ দিয়ে।ইপিনে, বিপৰীত ভাষ্য প্ৰদান কৰি স্থানীয় একাংশ লোক, গুলিবিদ্ধ আৰজুল আৰু বাহাৰুণ নেছাই কয় যে, তেওঁ লোক আৰক্ষীৰ গুলী চালনাতহে আহত হৈছে।আৰক্ষীয়ে তেওঁ লোকলৈ লক্ষ্য কৰি গুলী চালনা কৰিছিল বুলিও মন্তব্য কৰে।ঘটণাটো সংঘটিত হোৱাৰ কিছু সময়ৰ পিছতেই ঘটণাস্থলীত গৈ উপস্থিত হয় নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা) গুণজিৎ কুমাৰ ডেকা,উপ আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়)মানস কুমাৰ শইকীয়াৰ নেতৃত্বত এটা আৰক্ষীৰ দল। তেওঁ লোকে উত্তেজিত ৰাইজক বুজাই বঢ়াই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। আনহাতে নগাওঁ আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে ঘটনাটোত কিছু পৰিমানে আঘাতপ্ৰাপ্ত হোৱা উপ পৰিদৰ্শক প্ৰদীপ বণিয়াৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে আৰক্ষীক আক্ৰমণ কৰা আৰজুলক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰায়। পৰৱৰ্তী সময়ত আৰক্ষী জিম্মাৰ থকা আৰজুলে চিকিৎসালয়ৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে। অভিযোগ প্ৰতি অভিযোগ যিয়েই নহওঁক লকডাউন উলংঘা কৰাৰ বাবেই আজি নগাঁৱত সংঘটিত হল এই অভাৱনীয় পৰিস্থিতিৰ। গুলি চালনা সংঘটিত হোৱাৰ ঘটনাৰ পিছতো নগাওঁ চহৰৰ বৰবজাৰ, ঢাকাইপট্টি, হয়বৰগাওঁ , মাৰোৱাৰীপট্টি অঞ্চলত দেখা গল গ্ৰাহকৰ দীঘলীয়া শাৰী। স্বাস্থ্য বিধি আৰু সামাজিক দূৰত্ব এতিয়া সুদূৰ গৰাহত নগাঁৱত। ক'বিড-১৯ মহামাৰীৰ সন্ত্ৰাস নগাওঁবাসীয়ে পাহৰি পেলোৱাৰ দৰে হৈছে।
- Log in to post comments
- 30 views