নিউজ ডেস্ক :
দেশজুৰি ক'ৰোনাতংক। প্ৰতিদিনেই ইজনৰ পাছত সিজন আক্ৰান্ত হৈছে COVID-19ত।কিন্তু তাৰ মাজতে আহিছে এক সু-খবৰ।ক্ৰমাত সুস্থ হৈ উঠিছে দিল্লীৰ সবাতোকৈ বয়সীয়াল ক'ৰোনা আক্ৰান্ত ৰোগী কে.এচ জেইছৱাল।বিগত এপ্ৰিল মাহত CoVID-19ত আক্ৰান্ত হৈছিল ৮৮বছৰীয়া জেইছৱাল।উল্লেখ্য যে দিল্লীস্থিত গংগাৰাম হস্পিতালত কৰ্মৰত কে.এচ জেইছৱালৰ পুত্ৰ ডলবীৰ জেইছৱাল পোনপ্ৰথমে CoVID-19ত আক্ৰান্ত হৈছিল।ইয়াৰ পৰবৰ্তী সময়ত ডলবীৰ জেইছৱালৰ পিতৃ আৰু পত্নীও CoVID-19ত আক্ৰান্ত হৈ পৰে। যাৰ বাবে তিনিওগৰাকী সদস্যকে দিল্লীৰ কোলমেট হাস্পতালত ভৰ্তি কৰোৱা হয়।অৱশেষত মে' মাহৰ প্ৰথম ভাগতে ৮৮বছৰীয়া কে.এচ জেইছৱালৰ লগতে পৰিয়ালৰ আন দুজন সদস্য সুস্থ হৈ উঠে।ডাক্তৰে জানিবলৈ দিয়া মতে অৱসৰপ্ৰাপ্ত আৰ্মী বিষয়া কে.এচ জেইছৱাল শাৰীৰিকভাৱে যথেষ্ঠ সবল হোৱা বাবে তেখেতে ৰোগ প্ৰতিৰোধ সোনকালেই কৰিব পাৰিছে আৰু যাৰ বাবেই হয়তো তেখেতে অতি সোনকালেই আৰোগ্যৰ বাট দেখিছে।
- Log in to post comments
- 14 views