নিউজ ডেস্ক :
সম্প্ৰতি ক'ৰোনাৰ সংক্ৰমণৰ এক আতংকময় ছবি পোহৰলৈ আহিছে তামিলনাডুত।চেন্নাই চহৰৰ নাতিদূৰত অৱস্থিত কোয়মবেদু নামৰ বজাৰখন তামিলনাডু ৰাজ্যৰ অন্যতম বৃহৎ পাইকাৰী বজাৰ।প্ৰতিদিনে হাজাৰজন লোকৰ আহ-জাহ চলা বজাৰখনলৈ লকডাউনৰ বাবে তামিলনাডু প্ৰশাসনে ইতিমধ্যে কেইবাৰো কঠোৰ নীতি-নিৰ্দেশনা প্ৰেৰণ কৰিছিল যদিও চৰকাৰী নিৰ্দেশনাক আওকাণ কৰি সাধাৰণভাৱে চলি আহিছিল বজাৰ-সমাৰ।কিন্তু তাৰ মাজতেই সংঘটিত হয় এক ভয়ংকৰ ঘটনা।বজাৰখনৰ ক্ৰেতা-বিক্ৰেতাকে ধৰি প্ৰায় ২লাখ ৬০হেজাৰ জন লোকৰ তেজ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছিল, যাৰ ভিতৰত ২৬০০জন লোকৰ দেহত ক'ৰোনাৰ উপস্থিতি ধৰা পৰে।আনহাতে বৰ্তমানলৈ সৰহসংখ্যক লোকৰে তেজ পৰীক্ষাৰ ফলাফল ওলাবলৈ এতিয়াও বাকী আছে।ইতিমধ্যে স্থানীয় প্ৰশাসনিক বিষয়া জে.ৰাধাকৃষ্ণনে সাংবাদিকৰ আগত জনোৱা মতে এয়া প্ৰশাসনৰ বাবে অতি জটিল সময়।এইক্ষেত্ৰত প্ৰতিজন নাগৰিকে সাৱধান হোৱা উচিত
- Log in to post comments
- 16 views