কেন্দ্ৰীয় চৰকাৰে দেশত ১২ মে'ৰ পৰা যাত্ৰীবাহী ৰে'লসেৱা আংশিকভাৱে আৰম্ভ কৰাৰ বাবে গ্ৰহণ কৰাৰ সিদ্ধান্তৰ আদৰণি জনাইছে শীৰ্ষ কংগ্ৰেছ নেতা তথা প্ৰাক্তন বিত্ত তথা গৃহমন্ত্ৰী পি চিডাম্বৰমে।তেওঁ টুইট কৰি কয় যে এনেদৰেই সতৰ্কতাৰে লাহে লাহে ৰে'লসেৱাৰ লগতে পথ আৰু আকাশী যাতায়ত আৰম্ভ কৰাৰ দৰকাৰ।পথ,ৰে'ল আৰু আকাশী যাত্ৰীবাহী যাতায়ত আৰম্ভ হ'লেহে দেশত আৰ্থিক আৰু বাণিজ্যিক কাম-কাজ কাৰ্যকৰীভাৱে আৰম্ভ কৰিব পৰা যাব বুলি পি চিডাম্বৰমে উল্লেখ কৰে।
- Log in to post comments
- 32 views