বলীউডৰ প্ৰসিদ্ধ অভিনেতা ঋষি কাপুৰৰ দেহাৱসান ঘটিছে।উশাহ-নিশাহত কষ্ট পোৱাৰ বাবে বুধবাৰে ঋষি কাপুৰক এছ এন ৰিলায়েন্স হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।বৃহস্পতিবাৰে পুৱা তেওঁৰ হাস্পতালতে মৃত্যু ঘটে।মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৬ বছৰ।কিম্বদন্তী অভিনেতা আৰু পৰিচালক ৰাজ কাপুৰৰ পুত্ৰ ঋষি কাপুৰে বিগত ৫০ বছৰ ধৰি বহু সফল ছবি উপহাৰ দিছে।ৰোমান্টিক চৰিত্ৰত অভিনয়ৰে তেওঁঁ দৰ্শনৰ হৃদয় জয় কৰিছিল।অভিনেতাজনৰ স্মৰণীয় ছবি কেইখনমান হৈছে ববী,অমৰ আকবৰ এন্টনী,প্ৰেম ৰোগ,চান্দনী।উল্লেখ্য,ঋষি কাপুৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল যদিও ৰোগটোৰ পৰা আৰোগ্য হৈছিল।বুধবাৰে ইৰফান খানৰ বিয়োগৰ পিছত আজি তাৰকা অভিনেতা ঋষি কাপুৰৰ দেহাৱসানত বলীউড আৰু দেশ-বিদেশৰ ছবি অনুৰাগীসকল শোক সাগৰত ডুব গৈছে।
- Log in to post comments
- 38 views