দেশত পুনৰ কাম আৰম্ভ কিছু উদ্যোগ-কাৰখানাৰ:স্বস্তিৰ নিশ্বাস একাংশ শ্ৰমিকৰ

Pic

'লকডাউন'ৰ ২৯ দিন অতিক্ৰমৰ পিছত ভাৰতত পুনৰ উদ্যোগ-কাৰখানাৰ কাম-কাজ ২০ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে।অতি প্ৰয়োজনীয় উৎপাদনত জড়িত একাংশ উদ্যোগৰ কাম-কাজ চলোৱাত অনুমতি প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে।ইয়াৰ বাবে একাংশ শ্ৰমিকৰ উপাৰ্জনৰ পথ মুকলি হোৱাত স্বস্তিৰ নিশ্বাস এৰিছে।কেন্দ্ৰীয় চৰকাৰে এনেদৰে লকডাউন কিছু শিথিল কৰাত সন্তোষ প্ৰকাশ কৰিছে দেশৰ উদ্যোগ জগতে।এই পদক্ষেপৰ বাবে ৩০-৪০ শতাংশ আৰ্থিক গতিবিধি পুনৰ আৰম্ভ হ'ব বুলি আশা কৰা হৈছে।দেশৰ সন্মুখত আহি পৰা ভয়ানক আৰ্থিক সংকট সমাধানৰ পথ কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপৰ পৰাই প্ৰশস্ত হ'ব বুলি উদ্যোগ জগতৰ মুখিয়ালসকলে আশা কৰিছে।

Your Comments