'অসম আৰোগ্য নিধি'লৈ কোষাগাৰ অ'এছপিৰ ৫০ হাজাৰ টকাৰ সাহায্য 

Pic

মৃণাল ডেকা,শুৱালকুছি:

ক'ৰ'না মহামাৰীৰ বিৰুদ্ধে যুঁঁজ দিবলৈ অসম চৰকাৰে গঠন কৰা 'অসম আৰোগ্য নিধি'লৈ অৰ্থ সাহায্য  আগবঢ়াইছে কোষাগাৰত কৰ্মৰত অ'এছপি কৰ্মচাৰীসকলে।অসমৰ সকলো কোষাগাৰত কৰ্মৰত(এমট্ৰণৰ অধীনত)অ'এছপি কৰ্মচাৰীসকলে অসম আৰোগ্য নিধিলৈ ৫০ হাজাৰ টকা শনিবাৰে মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ হাতত প্ৰদান কৰে।সকলো কোষাগাৰ অ'এছ পি কৰ্মচাৰীৰ হৈ সিদ্ধাৰ্থ দাস আৰু পাৰ্থসাৰথি ভট্টাচাৰ্য্যই এই ধনৰাশিৰ চেক প্ৰদান কৰে।তেওঁঁলোকে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে,বৰ্তমান সমগ্ৰ বিশ্বতে ক'ৰ'না মহামাৰীয়ে বিশ্বৰ অৰ্থনীতি থান-বান কৰি পেলাইছে।যাৰ ফলত ৰাজ্য চৰকাৰসমূহো তীব্ৰ আৰ্থিক সংকটত পৰিছে।সেয়ে অসমত যিসকল লোক ক'ৰ'না আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে আৰু কোৱৰেণ্টাইনত থকা লোকসকলক যাতে উপযুক্তভাৱে চিকিৎসা প্ৰদান কৰিব পাৰে,সেই উদ্দেশ্যৰে এই সামান্যতম ধনৰাশি প্ৰদান কৰা বুলি প্ৰকাশ কৰে।লকডাউনৰ সময়তো নিজৰ কৰ্তব্য পালন কৰি অহা অ'এছপিসকলে মহামাৰী ক'ৰ'নাৰ বিৰুদ্ধে যুদ্ধকালীনভাৱে লোৱা তৎপৰতাৰ বাবে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।
 


 

Your Comments