মহামাৰী ক'ৰ'না ভাইৰাছে প্ৰাণ কাঢ়িলে লুধিয়ানাৰ সহকাৰী আৰক্ষী আয়ুক্ত অনিল কোহলিৰ।চিকিৎসাধীন অৱস্থাত মৃত্যু হয় আৰক্ষী বিষয়াগৰাকীৰ।পঞ্জাবৰ লুধিয়ানাৰ এছপিএছ হাস্পতালত শনিবাৰে মৃত্যু হয় আৰক্ষী বিষয়াগৰাকীৰ।
উল্লেখ্য যে 'লকডাউন'ৰ সময়ত আৰক্ষী বিষয়াগৰাকী কৰ্তব্যত থাকোতে তেওঁৰ শৰীৰলৈ ক'ৰ'না ভাইৰাছ সংক্ৰমিত হৈছিল।পিছত তেওঁক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত।কিন্তু শুকুৰবাৰৰ পৰা স্বাস্থ্যৰ ক্ৰমাৎ অৱনতি ঘটিছিল আৰক্ষী বিষয়াগৰাকীৰ।
ইফালে,পঞ্জাব চৰকাৰে 'প্লাজমা থেৰাপী'ৰ জৰিয়তে শীর্ষ আৰক্ষী বিষয়াগৰাকীক সুস্থ কৰি তোলাৰ বাবে চিকিৎসা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও তাৰ পূৰ্বে মৃত্যু হয় অনিল কোহলিৰ।পঞ্জাব পুলিচত বিগত ৩০বছৰ ধৰি কৰ্মৰত আছিল বিষয়াগৰাকী।তেওঁৰ পৰিয়ালৰ সদস্যসকলক ৰখা হৈছে কোৱাৰেণ্টাইনত।
- Log in to post comments
- 11 views