ক'ৰ'না মুক্ত হ'ল উত্তৰ-পূবৰ মণিপুৰ আৰু অৰুণাচল প্ৰদেশ

Pic

ক'ৰ'না আতংকৰ মাজতে আছে উত্তৰ-পূবৰ বাবে আছে এটা ভাল খবৰ।উত্তৰ-পূবৰ দুই ক'ৰ'না আক্রান্ত ৰাজ্য মণিপুৰ আৰু অৰুণাচল প্ৰদেশ শেহতীয়াভাৱে মুক্ত হৈছে ক'ৰ'নাৰ পৰা।খবৰ অনুসৰি মণিপুৰৰ দ্বিতীয়গৰাকী ক'ৰ'না আক্রান্ত সম্পূৰ্ণ সুস্থ। ইম্ফলৰ আৰআইএমএছ চিকিৎসালয়ত ভৰ্তি হৈ থকা আক্রান্তগৰাকীৰ নমুনা পৰীক্ষাৰ শেহতীয়া ফলাফল নিগেটিভ আহিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাজ্যখনৰ প্ৰথম গৰাকী আক্রান্তৰ ফলাফল নিগেটিভ আহিছিল।

ইয়াৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ আন এখন ৰাজ্য অৰুণাচল শেহতীয়াভাৱে মুক্ত হৈছে ক'ৰ'নাৰ পৰা।ৰাজ্যখনৰ এগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছিল ক'ৰ'নাৰ উপস্থিতি।কিন্তু চিকিৎসাধীন হৈ থকা ব্যক্তিগৰাকীৰ দেহৰ পৰীক্ষাত  শেহতীয়াভাৱে নিগেটিভ আহিছে।

Your Comments