নিউজ ডেক্স:-
অনলাইন খাদ্যৰ জুতি লোৱা সকল সাৱধান হওক নহ'লে হয়তো খাদ্যৰ লগতে আপোনাৰ ঘৰলৈয়ো ডেলিভাৰ হ'ব পাৰে ক'ৰোণা ভাইৰাছ। কিয়নো এতিয়া মাৰাত্মক ক'ৰোণা ভাইৰাছত আক্ৰান্ত হৈছে ডেলিভাৰী বয়ো।খবৰটো দিল্লীৰ।ক'ৰোণাৰ হটস্পট দিল্লীৰ মালভিয়া নগৰৰ এজন ডেলিভাৰী বয় সম্প্ৰতি ক'ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ নিশ্চিত কৰিছে দিল্লীৰ চৰকাৰী সূত্ৰই।এই খবৰ পোহৰলৈ অহাৰ লগে লগেই ডেলিভাৰী বয়জনে খাদ্য যোগান ধৰা ৭২টা পৰিয়ালৰ লগতে তেওঁৰ লগত কাম কৰা অন্য ১৭জন ডেলিভাৰী বয়কো কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে দিল্লী প্ৰশাসনে।
- Log in to post comments
- 18 views