MGNREGA শ্ৰমিকলৈ সকাহ প্ৰধানমন্ত্ৰীৰ

Mg

নিউজ ডেক্স:
দেশজুৰি লকডাউনৰ পৰিপেক্ষিতত একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে জনজীৱন।তাৰ মাজতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিলে লকডাউনৰ নতুন নিয়মাৱলী।লকডাউনৰ নতুন নিয়মাৱলী অনুসৰি ৩মে' লৈ বৃদ্ধি কৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত দেশৰ কিছুক্ষেত্ৰত শিথিলতাৰ ব্যৱস্থা কৰা হৈছে।সেই অনুসৰি দেশৰ দৈনিক দিনহাজিৰা কৰা mgnregaৰ মজদুৰসকলে নিজৰ কৰ্মস্থানত নিয়োজিত হ'ব পাৰিব।অৱশ্যে এই ক্ষেত্ৰত সামাজিক দূৰত্ব বজাই ৰখা তথা মাক্স পৰিধান কৰাটো বাধ্যতামূলক হ'ব।২০এপ্ৰিলৰ পৰা দেশত এই নিয়মাৱলী কাৰ্যকৰী হোৱাৰ কথা ঘোষণা কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

Your Comments