সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰীৰ পিতৃ, সমাজপ্ৰাণ ব্যক্তি দেৱেন পাটোৱাৰীৰ শনিবাৰে সন্ধিয়া বিয়োগ ঘটে । হৰিশিঙা শাখা শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ মুখ্য ভকত আছিল প্ৰয়াত পাটোৱাৰী ।
তেখেত এগৰাকী বিশিষ্ট ব্যৱসায়ী হোৱাৰ উপৰি প্ৰখ্যাত ফুটবল খেলুৱৈও আছিল ৷ আনহাতে, তেওঁ হৰিশিঙা শ্ৰীশ্ৰী ৰাস মহোৎসৱ উদ্যাপন সমিতিৰ স্থায়ী সদস্যৰ লগতে হৰিশিঙাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোতভাৱে জড়িত আছিল ।
১৯৩১ চনত জন্মগ্ৰহণ কৰা প্ৰয়াত পাটোৱাৰীৰ ৮৭ বছৰ বয়সত বিয়োগ ঘটাত বৃহত্তৰ হৰিশিঙা অঞ্চলত শোকৰ ছাঁ পৰে । মৃত্যুৰ সময়ত তেওঁ পত্নীসহ তিনি পুত্ৰ আৰু দুগৰাকী কন্যাক এৰি থৈ যায় ।
তেখেতৰ মৃত্যুত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্য, ৰাজ্যিক কাৰ্যনিৰ্বাহক বিতোপন দাস, জিলা সম্পাদক চাইফুল হক, সহঃসম্পাদক কিশোৰ বড়া, হৰিশিঙা আঞ্চলিকৰ সভাপতি বিকাশ অসমীয়া, সাধাৰণ সম্পাদক জিতুল ওজা, হৰিশিঙা শাখা শ্ৰীমন্ত শংকৰদেৱ সত্ৰ, বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী, প্ৰাক্তন
এমচিএলএ তথা জিলা বিজেপিৰ সভাপতি কাৰ্তিক বড়ো আদি বিশিষ্ট ব্যক্তিয়ে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।
প্ৰয়াত দেৱেন পাটোৱাৰীৰ মৃত্যুত কলাইগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মুকুন্দৰাম চৌধুৰীয়েও শোক প্ৰকাশ কৰে ৷
- Log in to post comments
- 39 views