বঙাইগাঁৱৰ প্ৰতিবেদক:
বঙাইগাঁও চহৰৰ এজন যুৱক মাৰাত্মক "ক'ভিড- ১৯" ভাইৰাছত আক্ৰান্ত হোৱা বুলি ৱাটছআপৰ জৰিয়তে বিভিন্নজনলৈ উৰাবাতৰি প্ৰেৰণ কৰাৰ লগতে অপপ্ৰচাৰ চলোৱাৰ অভিযোগত আৰক্ষীয়ে সুৰজিৎ ৰয় নামৰ এজন যুৱকক শনিবাৰে আটক কৰে।জানিব পৰা মতে মহামাৰী "ক'ভিড- ১৯" সংক্ৰমণক লৈ চৌদিশে আতংকময় পৰিৱেশ চলি থকাৰ সময়তে বঙাইগাঁও চহৰৰ ভাকাৰিভিটাৰ সুৰজিৎ ৰয় নামৰ যুৱকজনে চহৰখনৰ মহাত্মা গান্ধী পথৰ যুৱক এজন ক'ভিড- ১৯ ত আক্ৰান্ত হোৱা বুলি নিজৰ ৱাটছআপ নম্বৰৰ জৰিয়তে বিভিন্নজনলৈ উৰা বাতৰি প্ৰেৰণ কৰি অপপ্ৰচাৰ চলায় ৷ পিছত শুকুৰবাৰে পুৱাৰ ভাগত যুৱকজনক তেওঁৰ বন্ধুসকলে বিষয়টো সোধাতহে জানিবলৈ পাৰে।৷ সুৰজিৎ ৰয় নামৰ যুৱকজনে চলোৱা এনে অপপ্ৰচাৰত ভুক্তভুগী যুৱকজনৰ লগতে পৰিয়ালটোৰ সদস্যসকল মানসিক হাৰাশাস্তিৰ সন্মুখীন হয়।পিছত,ভুক্তভোগী যুৱকজনে তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা সুৰজিৎ ৰয় নামৰ যুৱকজনৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ আৰক্ষীয়ে যুৱকজনে দাখিল কৰা এজাহাৰৰ ভিত্তিত ২৯৬/ ২০২০ (ভাৰতীয় দণ্ড বিধি আইনৰ ১৮৮/৫০৪ ধাৰাৰ লগতে আইটি এক্ট আৰু দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত)এটা গোচৰ ৰুজু কৰে আৰু শনিবাৰে সুৰজিৎ ৰয়ক আটক কৰে।উল্লেখ্য যে চৰকাৰ আৰু আৰক্ষী প্ৰশাসনে বাৰম্বাৰ ৰাইজক ক'ভিড-১৯ ৰোগৰ বিৰুদ্ধে সকলোকে উৰাবাতৰি তথা অপপ্ৰচাৰ চলোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই অহাৰ পিচতো এইদৰে ৰোগত আক্ৰান্ত নোহোৱাৰ পিছতো যুৱকজনৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা কাৰ্যই অপপ্ৰচাৰ চলোৱা যুৱকজনৰ মানসিকতা কিমান নীচ হ'ব পাৰে,তাকে প্ৰতিফলিত কৰিছে বুলি সচেতন মহলে মন্তব্য কৰিছে।লগতে অপপ্ৰচাৰ চলোৱা সুৰজিৎ ৰয়ক শাস্তি প্ৰদানৰো পোষকতা কৰিছে।অন্যথা আনকো এইসময়ত উৰাবাতৰি তথা অপপ্ৰচাৰ চলোৱাৰ বাবে উৎসাহ যোগাব পাৰে বুলিও মতপোষণ কৰিছে ৷
- Log in to post comments
- 30 views