কলাইগাঁৱত ৰাইজে নিৰ্মাণ কৰিলে বিধ্বস্ত পথ

কলাইগাঁৱত ৰাইজে নিৰ্মাণ কৰিলে বিধ্বস্ত পথ

ওদালগুৰি জিলাৰ কলাইগাঁও বিধানসভা সমষ্টিৰ অধীনস্থ মঙলদৈ-ভুটীয়াচাং পথ সংযোগী বিষ্ণুপুৰ বাঁহজানী-চন্দ্ৰমল দত্ত পথৰ দুৰৱস্থাত অতিষ্ঠ হৈ পৰা ৰাইজে নিজে শ্ৰমদান কৰি আজি মেৰামতি কৰে ৷

উল্লেখ্য যে কলাইগাঁও সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়োক ভুক্তভুগী ৰাইজে জৰাজীৰ্ণ পথটো নিৰ্মাণৰ বাবে বাৰম্বাৰ অনোৰুধ জনাই আহিছিল যদিও কোনো গুৰুত্ব প্ৰদান নকৰাত ৰাইজে নিজে শ্ৰমদান কৰি বিধ্বস্ত পথ মেৰামতি কৰি প্ৰতিবাদ কৰে ।

কলাইগাঁৱত ৰাইজে নিৰ্মাণ কৰিলে বিধ্বস্ত পথ

আনহাতে, প্ৰতিবাদী ৰাইজে বিধ্বস্ত পথটো শীঘ্ৰে মেৰামতি কৰিবলৈ পৰিৱৰ্তনৰ শ্লোগান দিয়া বিজেপি মিত্ৰজোঁত চৰকাৰৰ গড়কাপ্তানী মন্ত্ৰী আৰু স্থানীয় বিধায়ক মহেশ্বৰ বড়োক দাবী জনাইছে ।

Your Comments