ৰুবেলাৰ টীকা লৈ ওদালগুৰিত সংজ্ঞাহীন ৫গৰাকীকৈ শিক্ষাৰ্থী

madical_assam

মিছেইলছ আৰু ৰুবেলাৰ প্ৰতিষেধক টীকা গ্ৰহণ কৰি ওদালগুৰিত অসুস্থ হৈ পৰিছে ৫গৰাকীকৈ শিক্ষাৰ্থী । টিকাকৰণৰ দুঘণ্টা পিছতে প্ৰিয়ংকা চাংমা (১৪) নামৰ এগৰাকী ছাত্ৰী সংজ্ঞাহীন হৈ পৰাৰ পিছত সন্ধিয়াৰ ভাগলৈকে এদবাৰদ দৈমাৰী নামৰ আন এজন ছাএৰ লগতে আৰু কে'বাগৰাকী শিক্ষাৰ্থী অসুস্থ হৈ পৰাৰ বাতৰি পোৱা গৈছে ।

অসুস্থ হৈ পৰা শিক্ষাৰ্থীসকলক ওদালগুৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিতো বিগত ১৭ আগষ্টৰ পৰা জিলা স্বাস্থ্য বিভাগে মিছেইলছ আৰু ৰুবেলা প্ৰতিষেধক টীকাকৰণ অভিযান অব্যাহত ৰাখিছে ।

জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ৯ মাহৰ পৰা ১৫ বছৰৰ তলৰ শিক্ষাৰ্থীক এই টীকাকৰণৰ ব্যৱস্থা কৰিছে। 

কিন্তু এই অভিযানৰ সময়ত কিছুমান বিদ্যালয়ৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগ বাধাৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে । কালি  ওদালগুৰি জিলাৰ হৰিশিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২২০গৰাকী শিক্ষাৰ্থীৰ মাজত এই টীকাকৰণৰ অভিযান চলায় ।

কিন্ত এই টীকাকৰণৰ দুঘণ্টা পাছত বিদ্যালয়খনৰ ছাত্ৰী প্ৰিয়ংকা সংজ্ঞাহীন হৈ পৰে । ইয়াৰ পাছত ছাত্ৰীগৰাকীক ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ লৈ যায় ।পৰিয়ালৰ লোকে জানিবলৈ দিয়ামতে, টীকাকৰণৰ পাছৰ প্ৰথম সময়ছোৱাত ছাত্ৰীগৰাকীৰ স্বাস্থ্য সুস্থ আছিল যদিও পৰৱৰ্তী সময়ত হাত-ভৰি অচল হৈ পৰে।

ইয়াৰ পাছত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । আনহাতে, চিকিৎসালয়ৰ সূত্ৰই সাংবাদিকক জানিবলৈ দিয়ামতে, বৰ্তমান ছাত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সংকটমুক্ত । চিকিৎসাৰ সমান্তৰালকৈ ছাত্ৰীগৰাকীৰ তেজৰ নমুনা পৰীক্ষা কৰা হয় যদিও ছাত্ৰীগৰাকীৰ দেহত টাইফয়েড আৰু মেলেৰিয়া ৰোগৰ কোনো লক্ষণ দেখা নগ’ল ।

ছাত্ৰীগৰাকীৰ পৰিয়ালে টীকাকৰণৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি দাবী কৰিছে । আনহাতে, জিলা প্ৰতিষেধক বিষয়া ডা: গণেশ ব্ৰহ্মই দুৰ্বলতাৰ বাবেই ছাত্ৰীগৰাকীৰ এনে অৱস্থা সংঘটিত হৈছে বুলি জনাইছে । 

ব্ৰহ্মই জানিবলৈ দিয়ামতে, এয়া ওদালগুৰিত প্ৰথম ঘটনা । কিন্তু প্ৰিয়ংকাৰ পিছত আৰু কে'বাগৰাকী শিক্ষাৰ্থী অসুস্থ হৈ পৰাটোৱে জিলা প্ৰতিষেধক বিষয়াগৰাকীৰ দাবী সন্দৰ্ভত প্ৰশ্নৰ উদ্ৰেক ঘটাইছে । সি যি কি নহওক, টীকাকৰণৰ বাবেই শিক্ষাৰ্থীসকল এনেদৰে অসুস্থ হৈ পৰিছে নে ইয়াৰ মাজত অন্য কাৰণ লুকাই আছে সেয়া প্ৰকৃত পৰীক্ষাৰ পিছতহে পোহৰলৈ আহিব ।

Your Comments