কিয় বিশ্বনেতা ডোনাল্ড ট্ৰাম্প,ইমানুৱেল মেক্ৰ',বেঞ্জামিন নেতান্যাহুয়ে আজিকালি 'নমস্কাৰ' জনায়?

Pic

বিশ্বব্যাপি ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ বিয়পি পৰাৰ সময়তে বিশ্বব্যাপি ৰাষ্ট্ৰপ্ৰধানয়েই হওক,সাধাৰণ নাগৰিকেই হওক,সকলোৱে আদৰি লৈছে ভাৰতীয় অভিবাদনৰ পদ্ধতি 'নমস্কাৰ'।উল্লেখ্য যে এজনে আনজনৰ হাত স্পৰ্শ কৰাৰ জৰিয়তে ক'ৰ'না ভাইৰাছ বিয়পাৰ যথেষ্ট সম্ভৱনা থাকে।গতিকে,সতৰ্কতা অৱলম্বন কৰি শেহতীয়াকৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰী লিঅ' বৰাডকাৰক হোৱাইট হাউচত নমস্কাৰ কৰা দেখা গ'ল।তেনেদৰে, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ক স্পেইনৰ ৰজা-ৰাণীক নমস্কাৰ জনাই অভিবাদন জনোৱা দেখা গ'ল।

Pic

আনহাতে, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু আৰু গ্ৰেট ব্ৰিটেইনৰ যুৱৰাজ চাৰ্লছয়েও নমস্কাৰ জনাই অভিবাদন জনোৱাৰ ছবি প্ৰকাশ পাইছে।

Your Comments