মানৱীয় প্ৰমূল্যবোধৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিছে ৰঙিয়াৰ তিনগৰাকী আদৰ্শৱান যুৱকে ৷ উল্লেখ্য যে তিনিচুকীয়া জিলাৰ ৰঙাগড়া মিলনপুৰ গাঁৱৰ ভোগৰাম গগৈ নামৰ বৃদ্ধ লোক এজনে নিজ পুত্ৰৰ অত্যাচাৰত অতিষ্ঠ হৈ ঘৰৰ পৰা ওলাই আহি আজি তিনি দিনমান ধৰি ৰঙিয়াৰ দীপ্তেশ্বৰী অঞ্চলত আশ্ৰয় লৈছিল ।
দীপ্তেশ্বৰী অঞ্চলৰ ৰাইজে বৃদ্ধগৰাকীক অঞ্চলটোত দেখা পাই খোৱা-লোৱাৰ লগতে আশ্ৰয়ৰ সুবিধা কৰি দিয়ে ৷
ভোগৰাম গগৈয়ে জানিবলৈ দিয়ে যে তেখেতৰ তিনি পুত্ৰ সন্তান আছে আৰু কনিষ্ঠ পুত্ৰৰ সৈতে তেওঁ বাস কৰে । ডাঙৰ আৰু মাজু পুত্ৰ দুগৰাকী অন্য ঠাইত বাস কৰে ।
তেওঁ কনিষ্ঠ পুতেকৰ লগত আপোন ভেটি-মাটিতে বাস কৰে যদিও পুতেকজনে দৈনিক মাদৰ ৰাগীত বাপেকক অত্যচাৰ কৰাৰ লগতে কটু কথা শুনায় । সেয়ে পুত্ৰৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি তেওঁ ঘৰ এৰি ওলাই আহি ৰঙিয়া পায় ।
ভোগৰাম গগৈয়ে এসময়ত বিদ্যালয় এখনত বিনা বেতনে দহ বছৰ শিক্ষকতা কৰিছিল বুলি কোৱাৰ লগতে উক্ত বিদ্যালয়খনৰ নামত ৩ বিঘা ১ কঠা ১৬ লেচা মাটি দান কৰিছিল বুলিও অৱগত কৰে ।
কৃষিকৰ্মেৰে পৰিয়াল পোহপাল দিয়া গগৈয়ে কান্দি কান্দি পুতেকে মদ খাই, জুৱা খেলি ঘৰখন ধংস কৰাৰ লগতে তেওঁক অত্যাচাৰ কৰাৰ কথা বিৱৰি কয় ৷
দীপ্তেশ্বৰী অঞ্চলৰ আদৰ্শ যুৱক তথা ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ ছাত্ৰকৰ্মী মুকুট দাস, পংকজ কলিতা আৰু ভৱজ্যোতি কলিতাই ব্যক্তিগৰাকীক পিন্ধিবলৈ নতুন কাপোৰ কিনি দিয়ে ৷
লগতে যুৱক তিনিজনে ভোগৰাম গগৈক পৰিয়ালৰ হাতত চমজাই দিবৰ বাবে তিনিচুকীয়াৰ নিজ গৃহলৈ আজি লৈ যায় ৷ যুৱক তিনিজনৰ এই মহানুভৱতা আৰু মানৱীয় গুণক ৰঙিয়াবাসীয়ে শলাগ লয় ।
আনহাতে, যুৱককেইগৰাকীৰ এই কাৰ্যত অতি সন্তুষ্ট হৈ আৱেগিকভাৱে ভোগৰাম গগৈয়ে তেওঁলোকক আশীৰ্বাদ দিয়ে ৷
- Log in to post comments
- 254 views