'কেব'ৰ বিৰুদ্ধে শিৱসাগৰত বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

ৰাজ্যজুৰি বাওঁ-গণতান্ত্ৰিক মঞ্চ, অসমৰ আহ্বান ক্ৰমে সকলো জিলা সদৰত প্ৰস্তাৱিত নাগৰিকত্ব ( সংশোধনী) বিধেয়কৰ বিৰুদ্ধে সোমবাৰে শিৱসাগৰতো চি পি আই, চি পি আই (এম), আৰ চি পি আই আৰু অসম সংগ্ৰামী মঞ্চই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ চহৰৰ ষ্টেচন চাৰিআলি সমীপৰ পৰা বেনাৰ ফ্লেগ, প্লেকাৰ্ড লৈ দলকেইটাৰ কেইবাশ কৰ্মকৰ্তাই চহৰৰৰ মাজেৰে বিভিন্ন শ্ল’গান দি উপায়ুক্ত কাৰ্যালয় সন্মুখত বহুসময় বিক্ষোভ প্ৰদৰ্শন কৰে। 

বিক্ষোভকাৰীসকলক সম্বোধি চি পি আইৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা জিলা সম্পাদক কনক গগৈয়ে কয়-'হয়তো পূৰ্বৰ বিধেয়কখনৰ কিছু সংশোধন ঘটাই এইবাৰ উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্য কেইখনক ৰেহাই দি কেৱল  অসম আৰু ত্ৰিপুৰাত হিন্দু বিদেশীক তথা বাংলাদেশীক নাগৰিকত্ব দিবলৈ বিচাৰিছে ৷ অসম বিৰোধী , সংবিধান বিৰোধী আৰু সাম্প্ৰদায়িক বিলখন যদি মোদী চৰকাৰ আৰু সৰ্বানন্দ চৰকাৰে অসমৰ ওপৰত জাপি দিয়ে তেন্তে অসমত ভয়াবহ পৰিস্থিতি সৃষ্টি হ’ব বুলিও তেওঁ চৰকাৰক সঁকিয়াই দিয়ে ৷ ইতিমধ্যে বিজেপি, আৰ এচ এচৰ বাহিৰে সকলো অসমীয়াই এই বিধেয়কৰ বিৰোধিতা কৰাৰ পিছতো চৰকাৰ কেইখনে দম্ভালি মাৰি কেৱল ভোটবেংকৰ স্বাৰ্থতে পুনৰ বিলখন আনিবলৈ  বিচাৰিছে।'অসমৰ ভাষা-সংস্কৃতিক ধংস কৰিব বিচৰা, জাতি- মাটি, ভেটি-সম্পদ শেষ কৰিব বিচৰা তথা জনগাঁথনি, ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাব পৰা বিধেয়কখনৰ সকলো অসমপ্ৰেমী জনতাক বিৰোধিতা কৰিবলৈ মাৰবান্ধি ওলাই আহিবলৈ তেওঁ আহ্বান জনাই।তেওঁ লগতে কয়-'এটা জাতি প্ৰথম আৰু প্ৰধান পৰিচয়েই হৈছে ভাষা ৷ আমাৰ ভাষাই যদি চৰকাৰী মৰ্যাদা হেৰুৱাব লগা হয় তেন্তে অসমীয়াই কেতিয়াও স্বাধীন মনেৰে জীয়াই থাকিব নোৱাৰিম।'

'মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ বহুকেইটা বিধান সভা সমষ্টি বাংলাদেশী মুছলমানৰ হাতলৈ গ’ল বুলি জনতাক আৱেগিক কৰি আছে তেখেতক আমি প্ৰত্যাহ্বান জনাব বিচাৰোঁ যে হিন্দু বাংলাদেশী সংস্থাপন দি আমাৰ সমষ্টি সুৰক্ষিত কৰিব নোৱাৰে ৷  শৰ্মাৰ যদি সাহস আছে তেন্তে অসমৰ ছয়টা জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰি অসমক জনজাতীয় ৰাজ্য ঘোষণা কৰক আৰু অতি কমেও ৮৭ টা বিধানসভা সমষ্টি জনজাতিৰ বাবে সংৰক্ষিত তথা সুৰক্ষিত কৰি ৰাখিব পাৰিব'-কনক  গগৈয়ে  মন্তব্য  কৰে।

কার্যসূচীত উপস্থিত থাকি চি পি আই এমৰ জিলা সম্পাদক নিৰঞ্জন চেতিয়া , অসম সংগ্ৰামী মঞ্চৰ নেতা দিগন্ত কোঁৱৰ আৰু চি পি আই নেতা ধৰ্ম বৰুৱাই বিধেয়কখনৰ বিৰোধিতা কৰি চৰকাৰক চোকা সমালোচনা কৰে আৰু প্ৰত্যাহাৰৰ দাবী জনাই ৷ অসমৰ ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত সকলো অসমপ্ৰেমী ৰাইজক মাৰ বান্ধি ওলাই আহিবলৈ আহ্বান জনাই ৷ 

 বিক্ষোভকাৰীসকলে উপায়ুক্তৰ যোগেদি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ  প্ৰেৰণ কৰে।

Your Comments