বৃত্তি প্ৰদানৰ নামত স্বজাতিৰ যুৱকৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ অনুসূচীত জাতি যুৱ-ছাত্ৰ পৰিষদৰ সভাপতিৰ বিৰুদ্ধে

গোলাঘাটৰ প্ৰতিবেদক: বৃত্তি প্ৰদানৰ নামত স্বজাতিৰ যুৱকৰ পৰা ধন সংগ্ৰহ কৰি বিপদত যুৱ-ছাত্ৰ নেতা। মেৰাপানীত সাংগঠনিক সভাত অংশগ্ৰহণ কৰিবলৈ আহি চৰম অপমানিত অনুসূচীত জাতি যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতা ৰুবুল দাস। শনিবাৰে মেৰাপানীত অনুসূচীত জাতি যুৱ-ছাত্ৰ পৰিষদৰ এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰিবলৈ আহি খোদ কেন্দ্ৰীয় সভাপতিজনেই এক অনাহুত পৰিস্থিতিৰ সন্মুখীন হয়। ২০১৬ চনতে ৰুবুল দাসে মেৰাপানীৰ পৰশমণি দাস নামৰ এজন যুৱকক বৃত্তি প্ৰদান কৰিব বুলি চৌৰাল্লিশ হাজাৰ টকা নিজৰ পত্নীৰ একাউণ্টযোগে জমা লৈছিল। ধন লোৱাৰ পিছত ৰুবুল দাসে যুৱকজনৰ সৈতে সকলো যোগাযোগ বন্ধ কৰি দিয়ে। কিন্তু শনিবাৰে মেৰাপানীত ৰুবুল দাসক প্ৰত্যক্ষ কৰি সভাস্থলীতেই উক্ত ধনৰাশি ঘুৰাই দিয়াৰ দাবী তোলাত সভাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ প্ৰতিনিধিয়ে এই বিষয়টো এই সভাত কিয় উত্থাপন কৰিব বুলি ওভতি ধৰে। কিন্তু প্ৰৱঞ্চিত যুৱকজনে কেন্দ্ৰীয় সভাপতিজনক প্ৰমাণসহ ওভতি ধৰাক লৈ সভা বিশৃংখল হৈ পৰে। সাংগঠনিক সভাত অংশগ্ৰহণ কৰিবলৈ আহি অনুসূচীত যুৱ-ছাত্ৰ পৰিষদৰ খোদ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে ৰাজহুৱাকৈ ধনৰ লেনদেনৰ বিষয়ত অপমানিত হ'ব লগা ঘটনাই তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Your Comments