কামৰূপ জিলাৰ নিজ গন্ধমৌ সংৰক্ষিত গো-চৰণীয়া পথাৰত পুনৰ বেদখল একাংশৰ

Pic

শুৱালকুছিৰ প্ৰতিবেদক :

কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ নিজ গন্ধমৌ সংৰক্ষিত গো- চৰণীয়া পথাৰখনৰ একাংশ পুনৰ বেদখল কৰি একাংশ লোকে খেতি কৰাত ক্ষুব্ধ হৈ উঠিছে ২ নং পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু নিজ গন্ধমৌ গো-ৰিজাৰ্ভ সংৰক্ষণ সমিতিৰ লগতে স্থানীয় ৰাইজ ৷ উল্লেখযোগ্য যে কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ নিজ গন্ধমৌ লাটৰ চৰকাৰী দাগ নং - ২৫৪ ৰ ৫৪০ বিঘা ভূমিৰ এক তৃতীয়াংশ বৃহত্তৰ পূব বংশৰ মৌজাৰ সাতখন ৰাজহ গাঁৱৰ ৰাইজৰ তৎপৰতাত সংৰক্ষিত হৈ থকাৰ বিপৰীতে কিছু অংশ ভূমিত একাংশ লোকে বেদখল কৰি স্থায়ীভাৱে ঘৰ-দুৱাৰ সাজি বাস কৰি আছে।এনে পৰিস্থিতিত ২ নং পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ মাজত নাগৰিক সভা পাতি নিজ গন্ধমৌ গো - ৰিৰ্জাভ সংৰক্ষণ সমিতি নামেৰে এখন সমিতি গঠন কৰি ব্যাপক আন্দোলেন গঢ়ি তোলে।দীৰ্ঘদিনৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলা প্ৰশাসনে ২০১৭ চনৰ ১৩ ডিচেম্বৰত ৰাইজক ললিপপ দি আধৰুৱাকৈ গো - ৰিৰ্জাভখনত উচ্ছেদ অভিযান চলাইছিল। 'আছু' আৰু ৰিৰ্জাভ সংৰক্ষণ সমিতিয়ে ৫৪০ বিঘা ভূমি সামৰি স্থায়ীভাৱে চাৰিসীমাত কংক্ৰিটৰ খুটা দি বেৰ নিৰ্মাণ কৰাৰ দাবীক উপেক্ষা কৰি কামৰূপ জিলা প্ৰশাসনে চমক সৃষ্টিৰে সিমানতেই উচ্ছেদ অভিযান স্থগিত ৰাখে৷ যাৰ পৰিণতিত বৰ্তমান ৰিৰ্জাভখনৰ অধিকাংশ ভূমি পুনৰ বেদখলৰ কবলত পৰিছে৷এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ নিৰ্লিপ্ততা আৰু ৰহস্যজনক স্থিতিত পূব বংশৰ আছু,ৰিৰ্জাভ সংৰক্ষণ সমিতি তথা স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছে। অতি শীঘ্ৰেই ৰিজাৰ্ভ খন বেদখলমুক্ত কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈয়ো প্ৰশাসনক দাবী জনাইছে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতাই ৷

Your Comments