কংগ্ৰেছে দেশবাসীৰ ওচৰত ক্ষমা বিচৰাৰ দাবীত বঙাইগাঁৱত বিজেপিৰ প্ৰতিবাদী ধৰ্ণা

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

ৰাফেল যুদ্ধ বিমান ক্ৰয় বিষয়ত কংগ্ৰেছ দল আৰু ৰাহুল গান্ধীৰ মিথ্যাচাৰ প্ৰমাণ হোৱাত কংগ্ৰেছে দেশবাসীৰ ওচৰত ক্ষমা বিচৰাৰ দাবীত শনিবাৰে বঙাইগাঁৱতো বিজেপি দলৰ বঙাইগাঁও জিলা সমিতিয়ে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত জিলা বিজেপিৰ কাৰ্যালয়ৰ সন্মুখৰ মূল ৰাজপথৰ কাষত ৰূপায়ণ কৰা প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিজেপি দলৰ নেতা - কৰ্মীসকলে কংগ্ৰেছ দলৰ বিৰুদ্ধে নানা শ্ল'গানো দিয়ে ৷ ইপিনে,এটা প্ৰেছ বিবৃতিত জিলা বিজেপিৰ সাধাৰণ সম্পাদক উজ্বল কান্তি ৰায়ে উল্লেখ কৰা মতে বিগত লোকসভা নিৰ্বাচনৰ সময়ত কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু ফ্ৰান্স চৰকাৰৰ মাজত ৰাফেল বিমান ক্ৰয় সন্দৰ্ভত হোৱা চুক্তিৰ বিষয়ে বিভিন্ন মিথ্যাচাৰেৰে দেশবাসীক বিপথে পৰিচালিত কৰাত ৰাহুল গান্ধী তথা কংগ্ৰেছ দলৰ নিকৃষ্ট পৰিকল্পনাৰ তথ্য শেহতীয়াভাৱে মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায়ত ফাদিল হয়।উক্ত ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ লগত সাঙুৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাহুল গান্ধীয়ে  'দেশৰ প্ৰধানমন্ত্ৰী চোৰ হ্যে' বুলি অপবাদ আনিছিল ৷ গতিকে,শেহতীয়া উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাই তথা ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলৰ মিথ্যাচাৰৰ প্ৰতিবাদ জনাই দেশবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবীত সমগ্ৰ দেশৰ লগতে বঙাইগাঁও জিলা বিজেপিয়েও এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ধৰ্ণা কাৰ্যসূচীত জিলা বিজেপিৰ সভাপতি সুকেন ৰায় ,ৰাজ্যিক সম্পাদিকা হিমানী অধিকাৰী,ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য অনিল দাসৰ লগতে জিলা তথা মণ্ডলৰ দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে বুলি সাধাৰণ সম্পাদকগৰাকীয়ে বিবৃতিটোত উল্লেখ কৰিছে ৷

Your Comments