কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

Pic

 মৃণাল ডেকা,শুৱালকুচি:

কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আৰু কামৰূপ জিলা সাংবাদিক সন্থাৰ সহযোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস কামৰূপ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহ, আমিনগাঁৱত উদযাপন কৰা হয়। কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত উপস্থিত থাকি 'ডি ৱাই ৩৬৫' বাতৰি চেনেলৰ মুখ্য সম্পাদক মনোজ কুমাৰ কুমাৰ গোস্বামীয়ে কয় যে অসমৰ মফচলীয়া সাংবাদিকসকলে সংকটৰ সময়তো অশেষ কষ্ট কৰি বাতৰি সংগ্ৰহ কৰে,কিন্তু তেওঁলোকে প্ৰাপ্য সন্মানৰ পৰি বঞ্চিত হয়৷আজিৰ দিনত সাংবাদিকসকলে নিজকে আত্ম সমালোচনা কৰি দায়িত্বসহকাৰে কাম কৰিবলৈ আহ্বান জনায়।ইয়াৰ উপৰিও সাংবাদিকসকলৰ সৈতে এটা মতবিনিময় অনুষ্ঠানো অনুষ্ঠিত কৰে।অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলা আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্ত,কামৰূপ জিলা পৰিবহণ বিষয়া গৌতম দাস,সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতা আদিৰ লগতে কামৰূপ জিলাৰ বিভিন্ন বিভাগৰ প্ৰশাসনিক বিষয়া সকল।সভাত কামৰূপ জিলাৰ কেইবাজনো জ্যেষ্ঠ সাংবাদিকক কামৰূপ জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়৷

Your Comments