নিৰ্দলীয়ৰ সমৰ্থনত হাৰিয়ানাত চৰকাৰ গঠন কৰিব বিজেপিয়ে:শনিবাৰে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব পাৰে মনোহৰ লাল খট্টৰে

Bjp

নিৰ্বাচনৰ পূৰ্বে ৭৫ খন আসন পোৱাৰ দাবী কৰিছিল যদিও হাৰিয়ানাত বিজেপি ৪০ খন আসনতে সীমাবদ্ধ হৈ ৰ'ল।বিধানসভাৰ নিৰ্বাচনত আশানুৰূপ ফল প্ৰদৰ্শন কৰিব নোৱাৰিলেও এতিয়া সাতজন নিৰ্দলীয় বিধায়ক আৰু হাৰিয়ানা লোকহিত পাৰ্টীৰ বিধায়ক গোপাল কাণ্ডাৰ সহায়ত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে বিজেপি।দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী অধ্যক্ষ জে পি নাদ্দাৰ সৈতে সাক্ষাৎ কৰাৰ পিছত জ্যেষ্ঠ বিজেপি নেতা মনোহৰ লাল খট্টৰে চৰকাৰ গঠনৰ কৰিব বুলি দৃঢ়তাৰে উল্লেখ কৰে।শনিবাৰে খট্টৰে পুনৰ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ আশা আছে।

Your Comments