কি হ'ব জুবিনৰ পৰৱৰ্তী ছবি ? কৰ্ণেল,অনিৰ্বাণৰ পিছত 'অঘাইটং'ৰ ৰূপত আহি আছে জুবিন!

জুবিন গাৰ্গ

'কাঞ্চনজংঘা'ৰ ব্যাপক সফলতাৰ পিছত জুবিন গাৰ্গৰ পৰৱৰ্তী ছবিখন কি হ'ব,তাক লৈ এতিয়া শিল্পীগৰাকীৰ অনুৰাগীৰ মাজত গভীৰ উচ্ছুকতা।তাৰ মাজতে জুবিনে প্ৰকাশ কৰিছে পৰৱৰ্তী পৰিকল্পনাৰ কথা।শনিবাৰে গুৱাহাটী দীঘলীপুখুৰীৰ পাৰত সাংস্কৃতিক সাংবাদিক সন্থাৰ সমাৰোহত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে-"কাঞ্চনজংঘাৰ পিছত পৰৱৰ্তী ছবি 'বাঘ'ৰ বাবে কিছুসময়ৰ প্ৰয়োজন হ'ব। কাৰণ ছবিখনৰ বিষয়বস্তু অলপ সুকীয়া।তাৰ বাবে প্ৰস্তুতি চলি থকা বুলি তেওঁ প্ৰকাশ কৰে।কিন্তু তাৰ পূৰ্বে খেয়ালী মনৰ শিল্পী জুবিনে অসমবাসীৰ বাবে নিৰ্মাণ কৰিব বিচাৰে এখন সম্পূৰ্ণ হাস্যৰস সমৃদ্ধ কমেডি চিনেমা। নিৰ্মাণ কৰিবলৈ মন থকা কমেডি চিনেমাখনৰ নাম বৰ্তমান সময়ত যদিও ঠিৰাং কৰা নাই ,কিন্তু মনলৈ চিনেমাখনৰ নাম এটা অহা বুলি জুবিনে জাানিবলৈ দিয়ে।সেই অনুসৰি তেওঁ কয়-পৰৱৰ্তী নিৰ্মাণ ৰিব লগা কমেডি চিনেমাখনৰ নাম হ'ব পাৰে 'অঘাইটং'। অৰ্থাৎ কৰ্ণেল,অনিৰ্বাণৰ পাছত এইবাৰ অঘাইটঙৰ ৰূপত দেখা পাব পাৰে জুবিনক।

আনহাতে ছবিখনৰ সম্পূৰ্ণ কমেডি হ'ব বুলি প্ৰকাশ কৰি শিল্পী জুবিনে কয়-'দর্শকসকলে ছবিখন চাবলৈ গৈ মাথা মৰাৰ প্ৰয়োজন নাই।কোনো চিৰিয়াছ কমেডি নহয়,হ'ব সম্পূৰ্ণ ফটুৱামী কমেডি।দর্শকসকল যাব,চাব,হাঁহিব আৰু ঘৰলৈ গুচি আহিব।'

Your Comments