গৰু বিহুৰ গধূলি মুখ্যমন্ত্ৰীৰ বাসগৃহত যুৱতী বিহু দলৰ হুঁচৰি প্ৰদৰ্শন

A

নিউজ ডেস্ক:

গৰুবিহুৰ গধূলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী বাসগৃহত হুঁচৰি পৰিবেশন।যোৰহাটৰ ন-কছাৰীৰ যুৱতী হুঁচৰি দলে পৰিৱেশন কৰে হুঁচৰি।পত্নীৰ সৈতে মুখ্যমন্ত্ৰী শৰ্মাই উপভোগ কৰে হুঁচৰি।উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে বিহু হুঁচৰি উপভোগ কৰি নষ্টালজিয়া হৈ পৰে।শৈশৱ কালত নিজেও বিহু নচাৰ  কথা সংবাদমাধ্যমক জানিবলৈ দিয়ে শৰ্মাই।
ইফালে শৰ্মাৰ বাসগৃহত বিহু হুঁচৰি উপভোগ কৰে মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিমল বৰা, বি টি আৰ প্ৰধান প্ৰমোদ বড়ো, সাংসদ ৰণগৌড়া নাৰ্জাৰী, গোবিন্দ বসুমতাৰী প্ৰমুখ্যে বহুকেইজন ইউ পিপিএলৰ বিধায়কে।

Your Comments