অসমৰ 'জানমণি' এতিয়াৰে পৰা কলকাতাৰ বোৱাৰী...

Biya

দর্শকৰ মাজত 'জানমণি' হিচাপে পৰিচিত মোহময়ী অভিনেত্ৰী শ্যামন্তিকা শৰ্মা আৱদ্ধ হ'ল বিবাহপাশত।কলকাতাৰ দৰা তথা ভাৰতীয় নৌসেনা বিষয়া সুপ্ৰতিম দাসৰ সৈতে বৃহস্পতিবাৰে মহানগৰীৰ শুক্ৰেশ্বৰ দেৱালয়ত সম্পন্ন হয় বিবাহৰ আনুষ্ঠানিকতা। দৰা-কইনাৰ দুয়ো পক্ষৰ আত্মীয়ৰ উপস্থিতিত সম্পন্ন হোৱা বিবাহৰ মাংগলিক কাৰ্যত উপস্থিত থাকে অভিনেত্ৰীগৰাকীৰ বন্ধুবৰ্গ।

Syamantika

উল্লেখ্য যে 'জানমণি' ভিচিডিৰ জড়িয়তে অসমবাসীৰ মাজত জনপ্ৰিয় হৈ পৰা মোহময়ী অভিনেত্ৰীগৰাকীৰ বিবাহৰ মাংগলিক কাৰ্যসূচী সম্পন্ন হোৱাৰ পিছতে কলকতাত আয়োজন কৰা হৈছে বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানৰ।উক্ত অভ্যৰ্থনা অনুষ্ঠানলৈ অভিনেত্ৰীগৰাকীৰ আত্মীয়-কুটুম্বৰ লগতে একাংশ বচা-বচা ব্যক্তিক নিমন্ত্ৰণ কৰা হৈছে।

Your Comments