অশ্লীলতা বিয়পোৱাৰ অভিযোগ:বন্ধ হ'ব পাৰে ছলমান খানে হোষ্ট কৰা 'বিগ বছ-১৩'!

Salman

তীব্ৰ বিবাদৰ মাজত ছলমান খানে সূত্ৰধাৰৰ ভূমিকা পালন কৰা 'বিগ বছ-১৩'। কালাৰ্ছ টিভিযোগে প্ৰচাৰিত ৰিয়েলিটী শ্ব' 'বিগ বছ-১৩'-এ অশ্লীলতা বিয়পোৱাৰ অভিযোগ উত্থাপন কৰিছে দেশৰ বহু সচেতন লোকে।আনকি,উত্তৰ প্ৰদেশৰ গাজিয়াবাদ সমষ্টিৰ বিজেপি বিধায়ক নন্দকিশোৰ গুৰ্জৰে শ্ব'টোক অতি অশ্লীল বুলি অভিহিত কৰি ইয়াৰ প্ৰচাৰ বন্ধ কৰি দিবলৈ আহ্বান জনাইছে।গুৰ্জৰে তথ্য আৰু সম্প্রচাৰ মন্ত্ৰী প্ৰকাশ জাভৰেকাৰে লৈ পত্ৰ লিখি বিগ বছ-১৩ৰ প্ৰচাৰ বন্ধ কৰিবলৈ আহ্বান জনাইছে।গুৰ্জৰে পত্ৰত এই বুলিও লিখিছে যে শ্ব'টো পৰিয়ালৰ সৈতে একেলগে উপভোগ কৰাৰ অনুপযুক্ত।

Your Comments