উত্তৰ গুৱাহাটীৰ সমাজহিতৈষী নাগৰিক অৱনী বৰদলৈৰ স্মৃতিচাৰণ সভা সম্পন্ন

Pic

উত্তৰ গুৱাহাটীৰ মধ্যমখণ্ড নিৱাসী প্ৰয়াত সমাজহিতৈষী ব্যক্তি-সচেতন নাগৰিক অৱনী বৰদলৈৰ প্ৰথম মৃত্যু বার্ষিকী উপলক্ষে মঙলবাৰে প্ৰয়াত বৰদলৈৰ বাসভৱনত এখন স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হয়।স্মৃতিচাৰণ সভাৰ আৰম্ভণিতে প্ৰয়াত অৱনী বৰদলৈৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে পৰিয়ালবৰ্গৰ লগতে উপস্থিত লোকসকলে।প্ৰথমতে প্ৰয়াত বৰদলৈৰ সহধৰ্মিনী কবি কুসুম বৰদলৈয়ে প্ৰয়াত স্বামীৰ স্মৃতিচাৰণ কৰে।পৰৱৰ্তী পৰ্যায়ত বিশিষ্ট সাংবাদিক-শিক্ষাবিদ ভৈৰৱ শৰ্মা,কবি-গীতিকাৰ কেশৱ চন্দ্ৰ তালুকদাৰ,কবি বেণুধৰ বসুমতাৰী,উত্তৰ গুৱাহাটী সাহিত্য চক্ৰৰ সম্পাদক গৌৰীকান্ত কাকতিয়ে ভাষণ প্ৰদান কৰি প্ৰয়াত অৱনী বৰদলৈয়ে এজন সচেতন নাগৰিক হিচাপে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল বুলি উল্লেখ কৰে।সমাজখনক সুপথে পৰিচালনা কৰাৰ দিশত তেওঁ চিন্তা-চৰ্চা কৰি গৈছিল বুলি বক্তাসকলে মন্তব্য কৰে।স্মৃতিচাৰণ সভাখনতে প্ৰয়াত অৱনী বৰদলৈৰ স্মৃতিত এখন স্মৃতিচাৰণ পুস্তিকা 'শ্ৰদ্ধাঞ্জলি' উন্মোচন কৰে বিশিষ্ট সাংবাদিক ভৈৰৱ শৰ্মাই।কবি-সাংবাদিক ৰাজকমল চাংকাকতিয়ে আঁত ধৰা সভাখনত কবিতা পাঠ কৰে কেশৱ তালুকদাৰ আৰু সৰলা দেৱী বৰুৱাই।

Your Comments