শিৱসাগৰত দুৰ্গোৎসৱৰ সামৰণি:শান্তিপূৰ্ণভাৱে সম্পন্ন দেৱীৰ প্ৰতিমা বিসৰ্জন কাৰ্যসূচী

Durga

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো দুৰ্গোৎসৱৰ দশমীৰ বিয়লি শক্তিৰূপিনী দেৱী দুৰ্গাৰ প্ৰতিমূৰ্তি বিসৰ্জন দিয়া হয়। ৰাজ্যৰ অন্যান্য প্ৰান্তৰৰ লগতে শিৱসাগৰ চহৰৰ থানামুখ অঞ্চলৰ থানাঘাটৰ দিখৌ নদীত বিয়লি ১ বজাৰ পৰা বিভিন্ন প্ৰতিমূৰ্তি বিসৰ্জন আৰম্ভ হয়।সৰ্বপ্ৰথমে  দেৱীদ'লৰ প্ৰতিমা বিসৰ্জন দিয়া হয়।

 প্ৰতিমা বিসৰ্জন উপভোগ কৰিবলৈ দিখৌ নদীৰ ঘাটৰ লগতে দিখৌ নদীৰ বিভিন্ন স্থানত লোকে লোকাৰণ্য হৈ পৰে। শিৱসাগৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে মঙলবাৰৰ পুৱাৰে পৰা থানামুখ অঞ্চলৰ দিখৌ নদীৰ ঘাটত কটকটীয়া নিৰাপত্তা আৰু সুৰক্ষা ব্যৱস্থাৰ মাজত দশভূজা দুৰ্গাৰ প্ৰতিমাৰ বিসৰ্জন পৰ্ব আৰম্ভ কৰে।ঢাক-ঢোল আৰু ৰাইজৰ বিপুল হৰ্ষোল্লাসৰ মাজত পৰম্পৰাগত ৰীতি-নীতিৰে যথাবিহিতভাৱে দেৱী দুৰ্গাৰ মৃন্ময় মূৰ্তিৰ বিসৰ্জন দিয়া হয়।

বিসৰ্জনস্থলীত যাতে কোনো ধৰণৰ অঘটন সংঘটিত নহয়,তাৰ বাবে নিৰাপত্তাৰ দিশ কটকটীয়া কৰাৰ লগতে অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ এটা দল নিয়োজিত কৰে।শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এম এচ লক্ষ্মীপ্ৰিয়া,  আৰক্ষী অধীক্ষক অমিতাভ সিনহা,অতিৰিক্ত উপায়ুক্ত নৱাব আল আলহাজ আলী,জিলা তথ্য আৰু জনসংযোগ বিষয়া ছৈয়দা হাচনাহানাকে ধৰি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে সমগ্ৰ বিসৰ্জন প্ৰক্ৰিয়া তদাৰক কৰে।

জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই ৰাইজ আৰু দৰ্শনার্থী;পূজা সমিতিসমূহৰ বিষয়ববীয়া আৰু স্বেচ্ছাসেৱকসকল; আৰক্ষী,কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বল আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ বিষয়া,জোৱান আৰু স্বেচ্ছাসেৱকসকল; ৰাজ্যিক দুৰ্যোগ সঁহাৰি বলৰ জোৱান সকল;স্বাস্থ্য বিভাগৰ বিষয়া আৰু কৰ্মীসকল;পৌৰ নিগমৰ বিষয়ববীয়াসকল;উপস্থিত ছপা আৰু বৈদ্যুতিন সংবাদ মাধ্যমৰ সংবাদসেৱীসকল,জিলা প্ৰশাসনৰ বিষয়া- কৰ্মচাৰীসকলকে আদি কৰি বিসৰ্জন কাৰ্যসূচী নিয়াৰিকৈ পৰিচালনা কৰাত সহযোগিতা আগবঢ়োৱা সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

Your Comments