এন আৰ চিৰ সমান্তৰালভাৱে অসমত খিলঞ্জীয়া সাংবিধানিক ৰক্ষা কবচ আন্তঃৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা অস্তিত্ব সুৰক্ষিত নহয়৷ এই মন্তব্য অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ৷ কিন্তু কাৰ্য্যত এন আৰ চিয়ে বিদেশীৰ পৰা অসমীয়া লোকক কিঞ্চিত সুৰক্ষা কৰিলেও বহিঃৰাজ্যৰ অগ্ৰাসনৰ পৰা যে সুৰক্ষা দিব নোৱাৰে সেয়া নিশ্চিত৷ ইয়াৰ বাবে অসমত সাংবিধানিক ৰক্ষা কবচ হিচাপে আন্তঃৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা (ইনাৰ লাইন পাৰ্মিট) প্ৰৱৰ্তন অত্যন্ত প্ৰয়োজন৷
কেৱল মাত্ৰ সাংবিধানিক ৰক্ষা কবচ হিচাপে অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থাৰ প্ৰৱৰ্তনেহে অসমীয়া জাতিক এটা সুনিশ্চিত ভৱিষ্যত দিব পাৰে৷ সেয়হে যুৱ ছাত্ৰ পৰিষদে অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীৰ ধাৰাবাহিক আন্দোলনৰ অংশ হিচাপে অহা ইং ২০ আগষ্ট, ২০১৮ তাৰিখে পুনৰ ৰাজ্যজুৰি এক ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰিব৷ এই কাৰ্য্যসূচীত পৰিষদে সকলো অসমবাসীৰ সহযোগিতা কামনা কৰিছে৷
- Log in to post comments
- 17 views