নগাঁৱত ‘সাপ্তাহিক কলংপাৰ’ৰ পুনৰ প্ৰকাশ

kalangpar_nagaon_assam

‘নগাঁৱৰ সাংবাদিকতাৰ ইতিহাস বহু দীঘলীয়া৷ এয়া গৌৰৱ কৰিবলগীয়া ইতিহাস৷ সাংবাদিকতাৰ ক্ষেত্ৰত নগাঁও পথ প্ৰদৰ্শক বুলি ক’ব পাৰি৷’ - এই মন্তব্য বৰপেটা জিলাৰ উপায়ুক্ত তথা সুলেখক থানেশ্বৰ মালাকাৰৰ৷ শনিবাৰে নগাঁৱৰ পৰা প্ৰকাশিত সাপ্তাহিক কাকত ‘কলংপাৰ’ৰ উন্মোচনী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি মালাকাৰে আৰু কয় যে নগাঁও সাহিত্য-সংস্কৃতি সকলোত চহকী৷ নগাঁৱক লৈ আমি সকলোৱে গৌৰৱ অনুভৱ কৰো৷ সংবাদ-পত্ৰ ৰাইজৰ মুখপাত্ৰ হোৱা উচিত৷

kalangpar_nagaon

নগাঁৱৰ ছহিদ ভৱন প্ৰাংগনত বিশিষ্ট শিক্ষাবিদ মুক্তিনাথ খাউণ্ডৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত ‘কলংপাৰ’ কাকতখ আনুষ্ঠানিকভাৱে উন্মোচন কৰে দৌৰবিদ হিমা দাসৰ পিতৃ ৰঞ্জিত দাসে৷ অনুষ্ঠানত গৱেষক, পণ্ডিত ডঃ নৰেন কলিতা, জনসংযোগ বিভাগৰ অতিৰিক্ত সঞ্চালক জ্যোৰ্তিময় চক্ৰৱৰ্তী আদিয়ে ভাষণ আগবঢ়ায়৷ কাকতখনৰ মুখ্য সম্পাদক ডঃ আবু হালিফাই আঁত ধৰা আৰু শিক্ষাবিদ মুকুল শইকীয়াই আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানত শিক্ষাবিদ-সাহিত্যিক জ্যোৰ্তিময় জানা, শিল্পী গোপাল প্ৰধান, ডৰিণ হাজৰিকা, জ্যেষ্ঠ সাংবাদিক মানস কুমাৰ মহন্তক সম্বৰ্ধনা জনোৱা হয়৷

অনুষ্ঠানৰ আৰম্ভণিতে কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰয়াত বলেন বৰাৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰে প্ৰকাশিক জ্যোতি বৰাই৷ কাকতখন প্ৰকাশৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে সকলোকে কৃতজ্ঞতা প্ৰকাশ কৰে সমাজকৰ্মী ললিত দত্তই৷ উল্লেখ্য যে ১৯৯৯ চনৰ ১৮ আগষ্টত প্ৰতি বুধবাৰে প্ৰকাশ পাই ‘কলংপাৰ’ কাকতখন সম্পাদনা বলেন বৰাৰ মৃত্যুৰ পাছত কাকতখনৰ প্ৰকাশ বন্ধ হৈ পৰে৷  

Your Comments