'শ্বোলে'ৰ 'কালিয়া' বিজু খোটেৰ মৃত্যু

Kaliya

১৯৭৫ চনত মুক্তিলাভ কৰা স্মৰণীয় ছুপাৰহিট ছবি 'শ্বোলে'ত 'কালিয়া' নামৰ দস্যুৰ চৰিত্ৰ ৰূপায়ণ কৰি খ্যাতি অৰ্জন কৰা অভিনেতা বিজু খোটেৰ সোমবাৰে মুম্বাইৰ নিজা বাসভৱনত মৃত্যু হয়।বহু দিনৰ পৰা অসুস্থ হৈ থকা অভিনেতাজন বৃক্ক বিকল হৈ পৰাৰ বাবে মৃত্যুমুখত পৰে।মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৮ বছৰ।বিজু খোটেই ৩০০ খনতকৈ অধিক হিন্দী আৰু মাৰাঠী ছবিত অভিনয় কৰিছিল।এজন কৌতুক অভিনেতা হিচাপে জনপ্ৰিয়তা অৰ্জন কৰা খোটেই কেইবাখনো টিভি ধাৰাবাহিকতো অভিনয় কৰিছিল।

Your Comments