বৃহত্তৰ বটদ্ৰৱাত সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া টীকা প্ৰদান 

tika_botodraba_assam

মিজেল্‌ছ বা সৰুআই আৰু ৰুবেলা দুটা ভাইৰাছৰ দ্বাৰা হোৱা ভয়াৱহ সংক্ৰামক ৰোগ ৷ ই সংক্ৰমিত ব্যক্তিৰ পৰা সুস্হ ব্যক্তিলৈ কাঁহ, হাঁচি বা শ্বাস-প্ৰশ্বাস ৰ দ্বাৰা বিয়পে ৷ সৰু আই বেমাৰ হ’লে তীব্ৰ জ্বৰ, গাৰ চালত ৰঙা দমলা উঠা, কাহ, নাকেৰে শেঙুন ওলাই থকা বা চৰ্দি, চকু ৰঙা পৰা আদি লক্ষণ দেখা যায় ৷ 

এই ৰোগ হ’লে অধিকাংশ শিশু ডায়েৰিয়া আৰু নিমুনিয়া হৈ মৃত্যু মূখত পৰে ৷ অসম চৰকাৰৰ স্বাস্হ্য বিভাগে শিক্ষাবিভাগ আৰু সমাজকল্যান বিভাগৰ সহযোগত ১৭ আগষ্টৰ পৰা সমগ্ৰ অসমত ৯ মাহৰ পৰা ১৫ বছৰৰ সকলো শিশু আৰু কিশোৰ কিশোৰীক এম আৰ ভেকচিন দিয়াৰ এক বৃহৎ কাৰ্যসূচী হাতত লৈছে ৷ 

ভাৰতবৰ্ষৰ ৯ মাহৰ পৰা ১৫ বছৰৰ সকলো শিশু আৰু কিশোৰ-কিশোৰীক ২০২০ চনৰ ভিতৰত মিজেল্‌ছ আৰু ৰুবেলা বেমাৰৰ পৰা মুক্ত কৰাই হৈছে এই "মিজেল্‌ছ-ৰুবেলা টীকাকৰণ অভিযান"ৰ মূল উদ্দেশ্য ৷

এই কাৰ্য্যসূচীৰ অংশ হিচাপে বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গতসমূহ বিদ্যালয় তথা অংগনাবাড়ী কেন্দ্ৰত চলিছে এই টীকাকৰণ অভিযান ৷ 

বটদ্ৰৱা এম পি এইচ ই-ৰ স্বাস্থ্য ও চিকিৎসা বিষয়া ডাঃ মৌচুমী বৰা  আৰু ডাঃ ভীমি দৈমাৰীৰ নেতৃত্বত অভিভাৱকৰ উপস্থিতিত ১৮ আগষ্টৰ পুৱাৰে পৰা বৃহত্তৰ বটদ্ৰৱা এলেকাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা অনুষ্ঠান আৰু টীকাকৰণ কাৰ্যসূচী ৰূপায়ন কৰা হৈছে৷ বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত ৮টা  উপ-স্বাস্থ্যকেন্দ্ৰৰ সকলো কৰ্মচাৰীয়েই এই টীকাকৰণ কাৰ্যসূচীত আন্তৰিকতাৰে সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে ৷ 

এই উপ-স্বাস্থ্যকেন্দ্ৰসমূহৰ অধিনৰ সৰ্বমুঠ ১৫৭১৪ টা শিশু, কিশোৰ-কিশোৰীক এই টীকা প্ৰদান কৰাৰ কাম আৰম্ভ কৰিছে সংশ্লিষ্ট দায়িত্বপ্ৰাপ্ত বিষয়া-কৰ্মচাৰীয়ে ৷ 

উল্লেখ্য যে, বিভিন্ন বিদ্যালয়ত স্ব-ইচ্ছাই ছাত্ৰ-ছাত্ৰীয়ে এই বিনামূলীয়া টিকা গ্ৰহন কৰাৰ বিপৰীতে সংখ্যালঘূ বসতিপ্ৰধান এলেকাৰ বিদ্যালয়সমূহত অভিভাৱকে নিজৰ ল'ৰা-ছোৱালীক এই টিকাকৰণ কাৰ্যসূচীত সহযোগ কৰাৰ পৰা বিৰত ৰখাৰ বাতৰি পোৱা গৈছে৷ বটদ্ৰৱা বৃহত্তৰ এলেকাত এই অভিযান ২০ ছেপ্তেম্বৰ পৰ্যন্তলৈকে চলি থাকিব বুলি কাৰ্যসূচীৰ তত্বাবধায়ক তথা এ বি পি এম ধ্ৰুৱজ্যোতি শৰ্মাই জানিবলৈ দিছে ৷

Your Comments