পৰ্যটনৰ বাবে আগ্ৰহ সৃষ্টিৰ লক্ষ্যৰে আজি বিশ্বজুৰি পালন কৰা হৈছে 'বিশ্ব পৰ্যটন দিৱস'

Pic

আজি বিশ্ব পৰ্যটন দিৱস।পৰ্যটন সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ ২৭ ছেপ্টেম্বৰৰ দিনটোত ৰাষ্ট্ৰসংঘৰ উদ্যোগত বিশ্ব পৰ্যটন দিৱস পালন কৰা হয়।আজিৰ দিনটোতে পৰ্যটকসকলক বিভিন্ন অঞ্চল ভ্ৰমণেৰে তেনে অঞ্চলসমূহৰ ভূগোল,কৃষ্টি-সংস্কৃতি,লোকাচাৰ সন্দৰ্ভত জ্ঞান আহৰণ কৰিবলৈ উৎসাহিত কৰে হয়।এইবাৰ বিশ্ব পৰ্যটন দিৱসৰ উদ্যোক্তা হৈছে ভাৰত।আজিৰ দিনটোত ভাৰতৰ বিভিন্ন প্ৰান্তৰ ভ্ৰমণ কৰি তেনে অঞ্চলসমূহৰ কৃষ্টি-সংস্কৃতিৰ বিষয়ে অৱগত হৈ নিজকে সমৃদ্ধ কৰিবলৈ জনতাক আহ্বান জনোৱা হৈছে।ৰাষ্ট্ৰসংঘৰ উদ্যোগত ১৯৮০ চনৰ পৰা বিশ্ব পৰ্যটন দিৱস পালন কৰা হৈ আহিছে।১৯৭০ চনৰ ২৭ ছেপ্টেম্বৰৰ দিনটোত বিশ্ব পৰ্যটন সংস্থাৰ  সংবিধানখনৰ সংবিধানখনক স্বীকৃতি দিয়া হৈছিল।

Your Comments

Related Articles