তামুলপুৰৰ বিশিষ্ট সমাজকৰ্মী আচিনা বসুমতাৰীৰ আদ্যশ্ৰাদ্ধৰ বিশাল আয়োজন

তামুলপুৰৰ বিশিষ্ট সমাজকৰ্মী আচিনা বসুমতাৰীৰ আদ্যশ্ৰাদ্ধৰ বিশাল আয়োজন

সমগ্ৰ তামুলপুৰত চিৰসেউজ ব্যক্তি হিচাপে সুপৰিচিত তামুলপুৰৰ এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি, অগ্ৰণী সমাজকৰ্মী, শিক্ষানুৰাগী, সাংস্কৃতিক কৰ্মী আৰু বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ সৈতে নিৰৱচ্ছিন্নভাৱে জড়িত মানৱ দৰদী, জনপ্ৰিয় ব্যক্তি আচিনা বসুমতাৰীৰ যোৱা ২৯ জুলাইত দেহাৱসান হয় ।

অহা ১৯ আগষ্টত বসুমতাৰীৰ কলবাৰীস্থিত বাসভৱনত আদ্যশ্ৰাদ্ধৰ বিশাল আয়োজন কৰা হৈছে । সেইদিনা বসুমতাৰীৰ স্মৃতিত এখনি স্মৃতিগ্ৰন্থ আৰু এটা স্মৃতিসৌধ উন্মোচনৰ দিহা কৰা হৈছে ।

এইগৰাকী পুৰোধা ব্যক্তিৰ পৰিয়ালবৰ্গ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠন আৰু শুভাকাংক্ষীৰ সহায়েৰে আয়োজন কৰা এই স্মৃতিচাৰণ সভাত উপস্থিত হ'বলগা ৪ হাজাৰ ৰাইজক আপ্যায়ণৰ ব্যৱস্থা কৰা হৈছে ।

জানিব পৰামতে, অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, বিধায়ক ইমানুৱেল মুচাহাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য গনেশ কছাৰী, মহেশ্বৰ বসুমতাৰী, দেৱেন বড়ো, এম চি এল এ বিজিৎ গৌৰা নাৰ্জাৰী আদিকে ধৰি বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মী,

অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়া উপস্থিত থাকিব। উল্লেখ্য যে বাৰ্ধক্যজনিত কাৰণত ৮৮ বছৰ বয়সত কলবাৰীৰ নিজা বাসভৱনত তেওঁৰ মৃত্যু হয় ।

১৯৩১ চনত কোকৰাঝাৰ জিলাৰ তিতাগুৰিত জন্মগ্ৰহণ কৰা এইগৰাকী ব্যক্তিয়ে বসতিস্থল বিচাৰি আহি তামুলপুৰৰ সমীপৱৰ্তী কলবাৰী নামৰ গাঁৱত নিগাজীকৈ বসতি কৰিবলৈ লয় ।

প্ৰাথমিক শিক্ষা সমাপ্ত কৰি তেওঁ কৃষিকৰ্মত মনোনিবেশ কৰে । সেই সময়ৰ তামুলপুৰৰ অগ্ৰণী ব্যক্তিসকলৰ আহ্বানমৰ্মে তেওঁ কৃষিকৰ্মৰ লগতে সমাজ সেৱাতো অগ্ৰসৰ হয় ।

তেঁও শিক্ষাৰ দিশত অনগ্ৰসৰ তামুলপুৰত বিদ্যা মন্দিৰ হিচাপে কলবাৰী, বৰবেলবাৰী, বতিয়ামাৰী, গান্ধীবাৰী আদি ঠাইত শিক্ষানুষ্ঠান প্ৰতিষ্ঠাত আগভাগ লৈ শিক্ষাৰ দিশত বাটকটীয়া হিচাপে পৰিচিত হয় । তদুপৰি, সাংস্কৃতিক দিশত আগবঢ়াই নিয়াৰ অৰ্থে

তেওঁ ''তিতাগুৰি যাত্রাপাৰ্টি'' নামৰ এটি নাট্যদলৰ গুৰি ধৰে । গুৰুগম্ভীৰ এইগৰাকী ব্যক্তিয়ে নিজৰ অসাধাৰণ ব্যক্তিত্বৰ গুণত তামুলপুৰ গাঁও পঞ্চায়ত, তামুলপুৰ উন্নয়ন সমিতি, তামুলপুৰ ট্ৰাইবেল সংঘৰ সভাপতিৰ লগতে তামুলপুৰ উচ্চতৰ মাধ্যমিক

বিদ্যালয় পৰিচালনা সমিতি, তামুলপুৰ বাণিজ্য মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ পদো অলংকৃত কৰিছিল । তদুপৰি, তেওঁ ভৈয়াম জনজাতি পৰিষদ, সংহত জনজাতি উন্নয়ন প্ৰকল্প আদিৰ সদস্য পদত অধিষ্ঠিত হোৱাৰ উপৰি তামুলপুৰৰ বিভিন্ন

সামাজিক, সাংস্কৃতিক ধৰ্মীয় অনুষ্ঠানৰ স'তেও ওতপ্ৰোতভাৱে জড়িত হৈ সমন্বয়ৰ সেতু গঢ়িছিল । তামুলপুৰৰ সমাজ জীৱনৰ স'তে ওতপ্ৰোতভাৱে সততে জড়িত আচিনা বসুমতাৰী তামুলপুৰৰ পিতামহ স্বৰূপ আছিল ।


 

Your Comments