সমগ্র দেশতে পালন হৈছে সাত দিনীয়া ৰাষ্ট্ৰীয় শোক দিৱস । ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী তথা ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত শোকস্তব্ধ হৈ আছে সমগ্ৰ দেশ ।
দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো অনুষ্ঠিত হৈছে শ্ৰদ্ধাঞ্জলি তথা শোকসভা । কিন্তু এই শোক দিৱসৰ সময়তে সোণাৰিত ঘটিছে অঘটন ।
ৰাষ্ট্ৰীয় পতাকা ওলোটাকৈ উত্তোলন কৰি দেশৰ জাতীয় পতাকাখনক চৰম অপমান কৰাই নহয় দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীকো অপমান কৰিলে চৰাইদেউ জিলা কংগ্ৰেছে ।
ৰাষ্ট্ৰীয় শোক দিৱস পালন কৰি ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰাখিবলৈ আহ্বান জনাইছিল প্ৰশাসন, দল-সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানসমূহক ৷
কিন্তু সোণাৰিত এনেদৰে ৰাষ্ট্ৰীয় পতাকাক অপমান কৰাত সচেতন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
- Log in to post comments
- 7 views