গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত হেমপ্ৰভা বৰবৰা ছোৱালী মহাহিদ্যালয়খনিয়ে ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে । সেই উপলক্ষে অহা ২৩, ২৪ আৰু ২৫ আগষ্টত তিনিদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।
সোণালী জয়ন্তীৰ শুভক্ষণত আজি মহাবিদ্যালয় কৰ্তৃপক্ষই মহাবিদ্যালয়ৰ সভাকক্ষত এখন সংবাদমেলৰ জৰিয়তে মহাবিদ্যালয়খনিৰ বিগত সময়ৰ পৰা বৰ্তমানলৈকে উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰে ৷
লগতে প্ৰতিষ্ঠাকালৰে পৰা পৰা শৈক্ষিক, সাংস্কৃতিক, ক্ৰীড়াকে ধৰি মহাবিদ্যালৰ বিভিন্ন বিভাগৰ সফলতা সম্পৰ্কে বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়ায় ।
আনহাতে, সোণালী জয়ন্তীৰ বিভিন্ন কাৰ্যসূচী সম্পৰ্কে সদৰী কৰি তিনিও দিনৰ কাৰ্যসূচীত গোলাঘাটবাসীৰ সহযোগিতা কামনা কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই ।
কাৰ্যসূচীত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, গোলাঘাটৰ বিধায়িকা অজন্তা নেওগ, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, কলিয়াবৰ লোকসভাৰ সাংসদ গৌৰৱ গগৈকে কৰি বহুকেইজন গণ্য-মান্য ব্যক্তি উপস্থিতি নিশ্চিত কৰা বুলিও সংবাদমেলযোগে জানিবলৈ দিয়ে ।
- Log in to post comments
- 25 views