শুকুৰবাৰে নিশা ১০.২০ বজাত শেষ নিশ্বাস ত্যাগ কৰে কেৱলীয়া ভকত, গুৰুজনাৰ একান্ত সেৱক, বৈষ্ণৱ পণ্ডিত, এগৰাকী শংকৰী কৃষ্টি-সংস্কৃতিৰ সাধকে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৭৫ বছৰ ।
বিগত কিছু মাহৰ পৰা ৰোগগ্ৰস্ত আতৈগৰাকীক বটদ্ৰৱা থানৰ নিজা বঢ়াতে চিকিৎসকৰ তত্ত্বাৱধানত চিকিৎসাসেৱা প্ৰদান কৰি থকা হৈছিল ৷
উল্লেখ্য যে বটদ্ৰৱা থানখনৰ আত্মা স্বৰূপ যোগেশ আতৈ কাহিলিপুৱাৰে পৰা নিশা এপৰলৈ থানৰ ১৪ প্ৰসংগৰ গুৰি ধৰি থকাৰ উপৰি মূল ভঁৰালীৰ গুৰু দায়িত্ব অতি নিষ্ঠা আৰু ভক্তিভাৱেৰে পালন কৰি আহিছিল ৷
এমাহ আগলৈকে এই সকলোবোৰ কাৰ্য সুচাৰুৰূপে পালন কৰি গৈছিল আতৈয়ে ।
আতৈগৰাকীৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগে শ’লগুৰি আৰু নৰোৱা সত্ৰৰ সমূহ ভকত-বৈষ্ণৱ, আইমাতৃ তথা ৰাইজ তেওঁৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ঢাপলি মেলিছে বুলি জানিব পৰা গৈছে ৷
- Log in to post comments
- 17 views