বটদ্রৱালৈ অহাৰ কথা সুঁৱৰি বাজপেয়ীলৈ শ্রদ্ধাঞ্জলি বটদ্ৰৱাবাসীৰ

বটদ্রৱালৈ অহাৰ কথা সুঁৱৰি ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীলৈ শ্রদ্ধাঞ্জলি বটদ্ৰৱাবাসীৰ

ভাৰতীয় জাতীয় জীৱনৰ পিতামহস্বৰূপ প্ৰাক্তন প্ৰধান মন্ত্ৰী তথা বিশ্বনেতা, ভাৰতৰত্ন, সিংহপুৰুষ অটল বিহাৰী বাজপেয়ীৰ 
মৃত্যুত শুকুৰবাৰে পুৱা নগাঁৱৰ বটদ্ৰৱাত এক শ্রদ্ধাঞ্জলী অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।

এই উপলক্ষে বটদ্রৱাৰ পবিত্র আকাশী গংগাৰ তীৰৰ মুকলি মঞ্চত বিশিষ্ট সমাজকৰ্মী ইন্দ্রমোহন বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত শ্রদ্ধাঞ্জলী অনুষ্ঠানটিৰ আৰম্ভণিতে বাজপেয়ীৰ প্রতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্রজ্জ্বালন কৰে শিল্পী গজেন ৰাজখোৱাই ।

অনুষ্ঠানটিত সমাজকৰ্মী ইন্দ্রমোহন বৰুৱা আৰু বিপিন বৰাই ১৯৮৩ চনৰ অসম আন্দোলনৰ সময়ছোৱাত বটদ্রৱাত বাজপেয়ীক লগ পোৱাৰ মধুৰ স্মৃতি ৰোমন্থন কৰে ।

বটদ্রৱালৈ অহাৰ কথা সুঁৱৰি ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীলৈ শ্রদ্ধাঞ্জলি বটদ্ৰৱাবাসীৰ

লগতে বাজপেয়ীয়ে সেই সময়ত শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভীঠা বটদ্ৰৱা ধামলৈ আহি তেৰাৰ জন্মভূমি দৰ্শন কৰি পৰিবেশ-পৰিস্থিতি অধ্যয়ন কৰা আৰু অসম আন্দোলনৰ লগত জড়িত বটদ্রৱাৰ কেইবাগৰাকীও ব্যক্তিৰ লগত গুৰুজনাৰ জন্মস্থানৰ সুৰক্ষাৰ বিষয়ে আলোচনাত মিলিত হোৱাৰ কথা সোঁৱৰণ কৰে ।

শ্রদ্ধাঞ্জলী অনুষ্ঠানটিত মহীৰূহৰ আত্মাৰ চিৰশান্তি কামনা কৰি মৌন প্রাৰ্থনা কৰা হয় । অনুষ্ঠানটিত বটদ্রৱা থান পৰিচালনা সমিতিৰ সহঃসম্পাদক যোগেন শইকীয়া, শিল্পী হৰি নাৰায়ণ কোঁৱৰ, প্রশান্ত ভৰালী, মুকুল কলিতা, গিৰিশ বৰা, প্রদীপ বৰা, খৰ্গেশ্বৰ বৰুৱা, দীপু গোস্বামী, চিন্ময় কলিতা, সাংবাদিক দিব্যজ্যোতি বৰুৱা, অমৰজ্যোতি কলিতাকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে ৷

Your Comments