মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত বিবিধ চাহৰ সম্ভাৰেৰে আপোনাৰ বাবে ৰৈ আছে "ভেটাছা"

vetasa

তপন বৰগোহাঁইৰ প্রতিবেদন :

মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত দেওবাৰৰ পৰা আনুষ্ঠানিক ভাৱে উদ্বোধন হ'ল 'ভেটাছা'। মহানগৰীৰ মাছখোৱা লাচিত ঘাটত সম্পূৰ্ন থলুৱা প্ৰযুক্তিৰে  অভিযন্তা তিলক মহন্তই তিনিবছৰীয়া পৰিশ্ৰমৰ অন্তত গ্ৰাহকৰ বাবে দেওবাৰে আনুষ্ঠানিক ভাৱে মুকলি কৰে "ভেটাছা"। ভেটাছা হৈছে সম্পূৰ্ন ৯৫ শতাংশ বাঁহেৰে থলুৱা প্ৰযুক্তিৰ ব্যৱহাৰ কৰি নিৰ্মিত এখন বিশেষ নাওঁ। যিখন নাওঁত ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰি  আপুনি লব পাৰিব বিবিধ চাহৰ সোৱাদ।লগতে আপুনি সোৱাদ ল'ব পাৰিব সম্পূৰ্ন পৰম্পৰাগত থলুৱা বিবিধ পিঠা-পনা।  vetasa

দেওবাৰে 'ভেটাছা' আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ধীৰাজ বৰা,অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ সঞ্চালক ধ্ৰুৱজ্যোতি দাস, আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ প্ৰাক্তন সঞ্চালক এডি লহকৰ আৰু আভ্যন্তৰীণ জল পৰিবহন বিভাগৰে জ্যেষ্ঠ বিষয়া এম ৰহমানে। "ভেটাছা" উদ্বোধন কৰি অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ধীৰাজ বৰাই কয় "থলুৱাৰ প্ৰযুক্তি সমূহ পুনৰ কাৰ্যক্ষম কৰিব পৰাটো এটা আশাৰ বতৰা।কাৰণ এডাল বাঁহৰ বহণ ক্ষমতা এডাল ষ্টিলৰ ক্ষমতাতকৈ অধিক"।লগতে উপাচাৰ্য বৰাই কয় পৰম্পৰাগত নিয়ম অনুসৰি সম্পূৰ্ন থলুৱা সম্পদ ব্যৱহাৰৰ কৰি আমি পৰ্যটনৰ দিশটো এক নতুনত্ব আনিব পৰাৰ স্থল আছে।এই ক্ষেত্ৰত অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ে সহায় কৰিব বুলি আশ্বাস প্ৰদান কৰে।লগতে অভিযন্তা তিলক মহন্তৰ এই প্ৰচেষ্টাক আদৰণি জনায়। উল্লেখ যে ভেটাছা নিৰ্মাণত অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰো অৱদান গুৰুত্বপূৰ্ণ।

ইফালে এই সন্দৰ্ভত অসম আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ সঞ্চালক ধ্ৰুৱজ্যোতি বৰাই কয়" স্থানীয় প্ৰযুক্তিৰ ব্যৱহাৰ কৰি পৰিৱেশ সুৰক্ষাৰ কৰাৰ বাবে ই এটা সুন্দৰ প্ৰদক্ষেপ। যিদিনাই আমি আমাৰ স্থানীয় সম্পদ সমূহ ব্যৱহাৰ কৰিব পাৰিম সেইদিনাই আমি নিবনুৱা সমস্যা সমূহ কিছু হলেও হ্ৰাস কৰিব পাৰিম। ব্ৰহ্মপুত্ৰক লৈ যদি নিবনুৱা সকলে এই ধৰণৰ ব্যৱসায়ৰ কথা চিন্তা কৰে তেন্তে আগন্তক দিনত অসম আভ্যন্তৰীণ জল পৰিবহন বিভাগে সহযোগিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে।

আনহাতে গুৰুত্বপূৰ্ণ  কথা এই যে অভিযন্তা তিলক মহন্তৰ সপোনৰ 'ভেটাছা'ক বাস্তৱ ৰূপ দিয়াত পত্নী নিৰ্মালি মহন্ত, পুত্ৰ অংগৰাগ মহন্তৰ অৱদান গুৰুত্বপূৰ্ণ। এই সন্দৰ্ভত তিলক মহন্তই কয় "ভেটাছা সম্পূৰ্ন কৰাত পত্নীৰ আৰ্থিত আৰু মানসিক সহযোগিতা নথকা হলে আধৰুৱা হৈ ৰ'ল হেতেন। যোৱা নৱেম্বৰ মাহৰ পৰা  সপোনৰ ভেটাছাক সাকাৰ ৰূপ দিয়াৰ বাবে চেষ্টা কৰি প্ৰথম দহ মাহৰ প্ৰচেষ্টাত মই সফল হৈছোঁ। পাছৰ ফলাফল কি হয় সেইয়া সময়ত গম পোৱা যাব।যদি মোৰ এই সামান্য প্ৰয়াস সময়োপযোগী হৈছে তেন্তে সমাজে নিশ্চয় তাক আঁকোৱালি লব"।

উল্লেখ যে 'ভেটাছা'ত বিবিধ চাহৰ উপৰিও পৰ্যটক আৰু গ্ৰাহক সকলৰ বাবে পৰম্পৰাগত কিছু সামগ্ৰী আৰু মাজুলীৰ মুখাশিল্পৰ সমগ্রীয়ো পোৱা যাব। ইফালে ভেটাছাৰ সম্পূৰ্ন আৰ্হি অভিযন্তা ঋশিকা বৰাই প্ৰস্তুত কৰা বুলিও স্বত্বাধিকাৰ মহন্তই প্ৰকাশ কৰে।

Your Comments

Related Articles