মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যোৱা বেঁকী নৈত গা ধুবলৈ গৈ শুকুৰবাৰে অকাল মৃত্যুক সাৱটি ল'বলগা হয় এজন যুৱ অভিযন্তাই ৷ অভিযন্তাজন হৈছে বৰপেটাৰোডৰ শ্মশানৰোড আনন্দ নগৰৰ নিবাসী তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা নৱকমল দাসৰ একমাত্ৰ পুত্ৰ অভিযন্তা ৰাহুল দাস (২৪ বছৰ) ৷
বৰপেটা চহৰৰ জিঅ'ত কৰ্মৰত ৰাহুলে তেওঁৰ সহকৰ্মীসকলৰ লগত আজি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নাৰায়ণগুৰিলৈ প্ৰীতিভোজ খাবলৈ গৈছিল ৷ দিনৰ ২মান বজাত তাত থকা বেঁকী নৈত বন্ধুসকলৰ লগত গা ধুবলৈ ধৰোঁতে নৈৰ প্ৰবল সোঁতে ৰাহুলক উটুৱাই নিয়ে ৷
পিছত আবেলি ৫মান বজাত ৰাহুলৰ মৃতদেহ কিছু দূৰৈত উদ্ধাৰ হয় ৷ যুৱ অভিযন্তাজনৰ অকাল মৃত্যুত বৰপেটাৰোডত শোকৰ ছাঁ পৰিছে ৷
- Log in to post comments
- 8 views