কে'বাখনো গুৰুত্বপূৰ্ণ গ্ৰন্থ প্ৰকাশৰ সিদ্ধান্ত বৰপেটা জিলা সাহিত্য সভাৰ

কে'বাখনো গুৰুত্বপূৰ্ণ গ্ৰন্থ প্ৰকাশৰ সিদ্ধান্ত বৰপেটা জিলা সাহিত্য সভাৰ

বৰপেটা জিলা সাহিত্য সভাৰ প্ৰকাশন আৰু মুখপত্ৰ 'বৰপীঠ' উপ-সমিতিৰ এখনি গুৰুত্বপূৰ্ণ বৈঠক শুকুৰবাৰে বৰপেটাস্থিত কাৰ্যালয়ত অনুষ্ঠিত হয় ৷

সভাত হোৱা বিতং আলোচনাৰ অন্তত ভালেকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ সেইমৰ্মে প্ৰকাশন উপ-সমিতিয়ে বৰপেটা জিলাৰ বিভিন্ন অঞ্চলৰ প্ৰচলিত কথিত ভাষাৰ ভাষাতাত্ত্বিক অধ্যয়ন সম্পৰ্কে এখনি গ্ৰন্থ প্ৰকাশ কৰিব ৷

তদুপৰি, বৰপেটা জিলাৰ ঐতিহাসিক আৰু সাংস্কৃতিকভাৱে সমৃদ্ধ গাঁওসমৃহৰ ইতিবৃত্ত প্ৰকাশ, লেখক বিনিময় আঁচনিৰ জৰিয়তে বিভিন্ন গ্ৰন্থ-প্ৰৱন্ধ, গল্প, উপন্যাস, কবিতা সংকলন প্ৰকাশ, বৰপেটা জিলাৰ উপায়ুক্ত তথা অনুভৱী লেখক থানেশ্বৰ মালাকাৰৰ

ওপৰত অভিনন্দন গ্ৰন্থ প্ৰকাশ, বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি জি এল আগৰৱালাৰ আত্মজীৱনীমূলক গ্ৰন্থ 'ঋতুৰ পৰা ঋতুলৈ' প্ৰকাশ কৰিব ৷

বৈঠকত চলিত বৰ্ষৰ শেষৰ পিনে মুখপত্ৰ "বৰপীঠ"খনি প্ৰকাশৰ সিদ্ধান্ত লোৱা হয় ৷ এই বৈঠকত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক গোবিন্দ তালুকদাৰ, বৰপেটা জিলা সাহিত্য সভাৰ প্ৰকাশন সচিব হিতেশ দাস, মুখপত্ৰ "বৰপীঠ"ৰ সম্পাদক জয়ন্ত দাস, প্ৰকাশন উপ-সমিতিৰ সদস্য মনহৰি বায়ন, ডিম্বেশ্বৰ মেধি, গুণজিৎ শইকীয়া আৰু ঘনশ্যাম দাস উপস্থিত থাকে ৷


 

Your Comments