বঙাইগাঁৱত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ অৱস্থান ধৰ্মঘট

bgn

বঙাইগাঁৱৰ প্ৰতিবেদক

সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বান মৰ্মে শুকুৰবাৰে বঙাইগাঁৱত কৰ্মৰত ঠিকাভিত্তিক টেট উত্তীৰ্ণ শিক্ষক-শিক্ষয়িত্ৰীসকলে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বিনাচৰ্তে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণৰ দাবীত বঙাইগাঁও খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত দিনৰ ১২ বজাৰ পৰা ২ বজালৈ ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জড়িয়তে বঙাইগাঁও খণ্ড প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে বিজেপি নেতৃত্বাধীন অসম চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়- "চৰকাৰে বুজি উঠা উচিত যে সকলো বিষয় দমনমূলক নীতিৰে সমাধান কৰিব নোৱাৰি।আলোচনাৰ মাজেৰে আমাৰ সমস্যা সমাধান কৰক।এই শিক্ষকসকলৰ সমস্যাটো মানৱীয়তাৰ দৃষ্টিৰে বিচাৰ কৰক।কিন্তু তাকে নকৰি চৰকাৰে 'পলিটীক্স 'কৰি আছে।সেয়ে জুবিন গাৰ্গৰ গীতেৰে শিক্ষক সমাজৰ শিক্ষামন্ত্ৰীলৈ আহ্বান আপুনি পলিটিক্স নকৰিব।পলিটিক্স নকৰিবা বন্ধু।আমাক শিক্ষক হিচাপে বাচি থাকিবলৈ দিয়ক ৷ উল্লেখ্য যে শিক্ষকসকলে বৰষুণৰ মাজতো এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।ইফালে,শিক্ষকসকলৰ অৱস্থান ধৰ্মঘটস্থলীত আৰক্ষীৰ উপস্থিতি দেখি শিক্ষকসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে আমি শিক্ষক ৷ আমি কোনো ক্ৰিমিনেল নহয় বা কোনো উগ্ৰপন্থী নহয় ৷ কিন্তু ধৰ্মঘটস্থলীত যিমান শিক্ষক উপস্থিত আছে তাতোকৈ বেছি পুলিচ আহিছে।সেয়ে বিজেপি চৰকাৰে বুজি লওক যে সকলো বিষয় দমনমূলক নীতিৰে সমাধান কৰিব নোৱাৰি।"উল্লেখ্য যে ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰা শিক্ষক-শিক্ষয়িত্ৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ শিক্ষামন্ত্ৰী হায় হায়, আমাৰ দাবী মানিবই লাগিব, আমাক লৈ ৰাজনীতি খেলা বন্ধ কৰক,আমাৰ দাবী নায্য দাবী,বিনাচৰ্তে বেতন- সুৰক্ষাসহ নিয়মীয়া কৰক,আমাক শিক্ষৰ মৰ্যাদা দিয়ক আদি বিভিন্ন শ্লোগানো দিয়ে ৷

Your Comments