প্ৰাক্তন প্ৰধান মন্ত্ৰী, ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত সমগ্ৰ দেশে শোক প্ৰকাশ কৰাৰ লগতে গহপুৰতো গভীৰ শোকৰ ছাঁ পাৰে। মহান ৰাজনীতিবিদ জনৰ বিদেহী আত্মাৰ প্ৰতি শেষ শ্ৰদ্ধা জনাবলৈ আজি সন্ধ্যা গহপুৰ নগৰৰ মাজ-মজিয়াত এক শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ণ কৰে গহপুৰ অনুসূচিত জাতি যুৱ ছাত্র সন্থাই ।
শ্ৰদ্ধাঞ্জলিঅনুষ্ঠানৰ লগত সংগতি ৰাখি কৰা বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীত গহপুৰ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি গকুল দাস, সম্পাদক ৰঞ্জন দাস,সহ:সম্পাদক দ্বীপ মৌচম ,কৃষ্ণ দাস আৰু সদস্য বিন্দ দাস,হেমন্ত কাকতি,তুলসী দত্ত, ৰণেচ লামাৰ লগতে বিশ্বনাথ জিলাৰ উপসভাপতি নঙমোল কাকতি, সহ:সম্পাদক মৃদুল দাস উপস্থিত থাকি প্ৰধান মন্ত্ৰী গৰাকীক স্মৰণ কৰাৰ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
উক্ত কাৰ্যসূচীতে গহপুৰ কলেজিয়েট হাইস্কুলৰ প্ৰধান শিক্ষক সুধানচু দাসেও প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰকীৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত মন্তব্য আগবঢ়ায়।
- Log in to post comments
- 11 views