তাৰাবাৰী আৰক্ষীৰ জালত ছাত্ৰী অপৰণকাৰী

তাৰাবাৰী১আৰক্ষীৰ১জালত১ছাত্ৰী১অপৰণকাৰী

বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীৰ জালত পৰিছে ছাত্ৰী অপহৰণকাৰী এজন যুৱক । তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাসৰ তৎপৰতাত তীব্ৰ অভিযান চলাই বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত শুহাবিল দলনিৰ পৰা আটক কৰিছে ছাত্ৰী অপহৰণত অভিযুক্ত এজন যুৱকক ।

ধৃত যুৱকজন পালহাজী গাঁৱৰ আব্দুল হালিমৰ পুত্ৰ ৰজৱ মিঞা (২২) বুলি জানিব পৰা গৈছে । উল্লেখ্য যে যোৱা ১৪ আগষ্টত বহৰিৰ এখন বিদ্যালয়ৰ পৰা প্ৰথম পিৰিয়ড শেষ হোৱাৰ পিছত এগৰাকী পোন্ধৰ বছৰীয়া তথা অষ্টম শ্ৰেণীৰ ছাত্ৰী নিখোজ হৈছিল ।

বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীয়ে যোৱা ১৫ আগষ্টত ঘটনা সন্দৰ্ভত তাৰাবাৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল । তাৰাবাৰী আৰক্ষী থানাত ৰুজু হোৱা ২০৪/১৮ নম্বৰ গোচৰ আৰু ভাৰতীয় দণ্ডবিধিৰ ৩৬৬ (এ) ধাৰাৰ অধীনত ধৃত ৰজৱ মিঞাক তাৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি আদালতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ।

Your Comments