১৮ আগষ্টত ‘কলংপাৰ’ৰ নতুন যাত্ৰা

১৮ আগষ্টত ‘কলংপাৰ’ৰ নতুন যাত্ৰা

১৯৯৯ চনৰ ১৮ আগষ্টৰ পৰা নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক বলেন বৰাৰ একক প্ৰচেষ্টাত প্ৰকাশ পাই আহিছিল নগাঁৱৰ সপোন, নগাঁৱৰ দাপোণ ‘কলংপাৰ’ নামৰ সাপ্তাহিক বাতৰিকাকতখন ৷

বিগত ২০১৭ বৰ্ষৰ ৯ অক্টোবৰত সম্পাদক বলেন বৰাৰ অকাল মৃত্যুত কেইবামাহ ধৰি ‘কলংপাৰ’ কাকতখনৰ প্ৰকাশ বন্ধ হৈ পৰে ৷ যোৱা জুলাই মাহত নগাঁৱৰ কেইবাজনো ব্যক্তিৰ প্ৰচেষ্টাত সামাজিক কাম কৰাৰ আঁচনিৰে গঠন কৰা হয় ‘কলংপাৰ ন্যাস’ ৷

সেই ন্যাসৰ জৰিয়তেই ‘কলংপাৰ’ৰ নতুন যাত্ৰাৰ আৰম্ভ কৰা হ’ব ৷ উল্লেখ্য যে ‘কলংপাৰ’ কাকতখনৰ নতুনকৈ মুখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছে নগাঁৱৰে অন্য এগৰাকী জ্যেষ্ঠ সাংবাদিক ডঃ আবু হানিফাই ৷

১৮ আগষ্টত ‘কলংপাৰ’ৰ নতুন যাত্ৰা

অহা ১৮ আগষ্টত নগাঁৱৰ ছহিদ ভৱন প্ৰাংগণত হ’বলগীয়া কাকতখনৰ পুনৰ প্ৰকাশৰ প্ৰথম সংখ্যটি উন্মোচনী সভাত দৌৰবিদ হিমা দাসৰ পিতৃ ৰঞ্জিত দাস, বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰ, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ধীৰেশ নাৰায়ণ চৌধুৰীকে ধৰি কেইবাজনো

বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ৷ ‘কলংপাৰ ন্যাস’-এ এই নতুন যাত্ৰাত সকলো লেখক, সাংবাদিক, পাঠক আৰু বিজ্ঞাপনদাতাৰ উপস্থিতি কামনা কৰিছে ৷

Your Comments