অসম চৰকাৰৰ অনুমোদিত ২০১৭-১৮ বিত্তীয় বৰ্ষৰ ৰাজ্যিক পৰিকল্পনা শিতানৰ ৫৬ লাখ টকা ব্যয়সাপেক্ষে ৰঙিয়া জলসম্পদ উপ সংমণ্ডলৰ নৱ নিৰ্মিত ভৱনটো আজি ফিটা কাটি,নাৰিকল ভাঙি উদ্ধোধন কৰে জলসিঞ্চন তথা,ৰাজহ (স্বতন্ত্ৰ) মন্ত্ৰী ভৱেশ কলিতাই।ভৱনটো উদ্ধোধন কৰি মন্ত্ৰী কলিতাই চৰকাৰৰ উন্নয়ন মূলক বিভিন্ন কাম কাজৰ কথা কোৱাৰ লগতে ৰঙিয়াত নতুনকৈ নিৰ্মান কৰি থকা আম্বেদকাৰ ভৱন,নতুনকৈ স্থাপন হবলগীয়া আইন মহাবিদ্যালয়ৰ কাম কাজৰ অগ্ৰগতি সম্পৰ্কতো ব্যাখ্যা আগবঢ়ায়।
ৰঙিয়া জলসম্পদ উপ সংমণ্ডলৰ পুৰণি গৃহটো জহি-খহি যোৱাত তেখেতে নিজাববীয়া প্ৰচেষ্টাৰে জলসম্পদ বিভাগৰ মন্ত্ৰীৰ লগত আলোচনা কৰি ভৱনটো নিৰ্মান কৰা হল বুলি অৱগত কৰাৰ লগতে চৰকাৰী বিষয়া কৰ্মচাৰীয়ে এটা ভাল পৰিবেশত কাম কৰাৰ সুবিধা পাব লাগে বুলিও তেওঁ বক্তব্যত প্ৰকাশ কৰে । আনহাতে মন্ত্ৰী গৰাকীয়ে সভাখনত উপস্থিত ৰাইজক চৰকাৰী কাম-কাজত ঘোচ নিদিবলৈ আহ্বান জনোৱাৰ লগতে দূৰ্নীতিৰ ক্ষেত্ৰত এইখন চৰকাৰে কেতিয়াও আপোচ নকৰাৰ কথাও উল্লেখ কৰে।
এইখন চৰকাৰৰ দিনত বহু উন্নয়ন মূলক কাম হোৱাৰ লগতে ৰঙিয়াৰ ৰাস্তা-ঘাট সমূহ উন্নত কৰাৰ ক্ষেত্ৰত নানা প্ৰচেষ্টা লোৱা বুলিও মন্ত্ৰী গৰাকীয়ে নিজ ভাষণ প্ৰসংগত উল্লেখ কৰে। ইফালে ৰঙিয়াত ১ কোটি ৬৬ লাখ টকাৰে নিৰ্মাণ কৰি থকা আম্বেদকাৰ ভৱনটোৰ কামত খেলি-মেলি হোৱাত কামটো বন্ধ কৰি দিয়া বুলিও মন্ত্ৰী গৰাকীয়ে উপস্থিত ৰাইজক জানিবলৈ দিয়ে।
আজিৰ জলসম্পদ বিভাগৰ ভৱন উদ্ধোধনৰ এই কাৰ্য্যসূচীত উপস্থিত থাকে পশ্চিম গুৱাহাটী জলসম্পদ সংমণ্ডলৰ অধিক্ষক অভিযন্তা ইন্দ্ৰজিৎ কুলি,কাৰ্য্যবাহী অভিযন্তা সঞ্জীৱ শইকীয়া,হাজো জলসম্পদৰ উপ সংমণ্ডলৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা নিকুঞ্জ শৰ্মা, নলবাৰী জলসম্পদ উপ সংমণ্ডলৰ সহকাৰী অভিযন্তা প্ৰণৱ চেতিয়াকে ধৰি বহুলোক উপস্থিত থাকে।আজিৰ অনুষ্ঠানটোত আঁত ধৰে ৰঙিয়া জলসম্পদ উপ সংমণ্ডলৰ অভিযন্তা মুকুল বৰাই ।
বৰাই নিজৰ ভাষণ প্ৰসংগত কয় যে ৰঙিয়া জল সম্পদ উপসংমণ্ডলৰ বহুদিনীয়া সমস্যা এটা সমাধান হ'ল । ২০০৩ চনৰ বানপানীত এই কাৰ্য্যালয়টোৰ যথেষ্ঠ ক্ষতি হোৱা বুলিও তেখেতে লগতে উল্লেখ কৰে। অনুষ্ঠানটোত উপস্থিত থাকি ৰঙিয়া পৌৰ সভাৰ উপ পৌৰপতি ফজনুৰ হ'কেও শুভেচ্ছা মূলক বক্তব্য প্ৰদান কৰে। আজিৰ অনুষ্ঠানটোত ৰঙিয়া পৌৰসদস্য দীপেন চক্ৰৱৰ্তী,বিজেপি কৰ্মী ডক্তৰ খনীন্দ্ৰ কলিতা, সুবল পাল,মহিবুল্লা আলী,নলিনি বৰুৱা আদি উপস্থিত থাকে।
- Log in to post comments
- 55 views