যমুনামুখত চুৰি মটৰচাইকেলসহ আটক তিনি

যমুনামুখত চুৰি মটৰচাইকেলসহ আটক তিনি


ৰাজ্যত গাড়ী চোৰ চক্ৰ সক্ৰিয় হৈ থকাৰ সময়তে মটৰচাইকেল চুৰি চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত হোজাই জিলাৰ যমুনামুখ আৰক্ষীযে বিভিন্ন স্থানৰ পৰা  তিনিটা চোৰক আটক কৰি কালি জে'ল হাজোতলৈ প্ৰেৰণ কৰে ৷

বাতৰি অনুসৰি, যমুনামুখ আৰক্ষীয়ে স্বাধীনতা দিৱসৰ প্ৰাক্‌ক্ষণত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে নিয়মীযা তালাচীৰ ব্যৱস্থা কৰিছিল ৷

সেই সময়ত যমুনামুখ-সৰুপথাৰ গড়কাপ্টানী পথৰ নগঞাপামত নম্বৰপ্লেটবিহীন বিলাসী মডেলৰ এখন য়ামাহা আৰ-১৫ মটৰচাইকেল জব্দ কৰে ৷

কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুঁহিমাৰী গাঁৱৰ সূৰয নাথৰ পৰা জব্দ কৰা মটৰচাইকেলখন পৰৱৰ্তী সময়ত কোনো বৈধ  নথি-পত্ৰ আৰক্ষীক দেখুৱাব নোৱাৰাত চুৰি হোৱা মটৰ চাইকেল বুলি আৰক্ষী নিশ্চিত হয় আৰু সূৰযক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

যমুনামুখত চুৰি মটৰচাইকেলসহ আটক তিনি

ধৃত সূৰয নাথৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে হোজাইৰ নতুন বজাৰৰ পৰা গুৰুমুখ সিঙক আটক কৰাৰ লগতে কাৰ্বিআংলং জিলাৰ টুমপ্ৰেঙৰ পৰা আশিস নাথক আটক কৰে ৷

আটকাধীন দুয়োৰে ঘৰ কাৰ্বিআংলঙৰ টুমপ্ৰেঙত বুলি যমুনামুখ আৰক্ষীয়ে সদৰী কৰে ৷ আৰক্ষীয়ে ধৃত তিনিও বাইক চোৰক আদালতত হাজিৰ কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে গুৱাহাটী বশিষ্ঠৰ লক্ষীনন্দন পেগু নামৰ লোকজনৰ য়ামাহা আৰ-১৫ মটৰচাইকেলখন ২০১৫ বৰ্ষৰ ৭ অক্টোবৰত  ৰহাৰ পৰা চুৰি হৈছিল ৷

ঘটনা সন্দৰ্ভত মটৰচাইকেলৰ গৰাকী লক্ষীনন্দন পেগুৱে ৰহা থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৭৯ ধাৰাত ২৯০/১৫ নম্বৰত এটা গোচৰ ৰুজু কৰিছিল ৷

সেই গোচৰৰ তদন্ত অব্যাহত ৰখাৰ সময়ত গাড়ীচুৰিৰ স'তে জড়িত তিনিও আৰক্ষীৰ জালত পৰে ৷ এই সম্পৰ্কে যমুনামুখ আৰক্ষী থানাত ১০৭/১৮ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৯, ৪১১ ধাৰাত গোচৰ পঞ্জীয়ন কৰি তিনিওজন অভিযুক্তক জে'ল হাজোতলৈ প্ৰেৰণ কৰে ৷

ধৃত গুৰুমুখ সিঙে আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি অনুসৰি নগাঁও জিলাৰ কচুৱাৰ এটা চুৰি চক্ৰৰ পৰা এই মটৰ চাইকেলখন ক্ৰয় কৰিছিল ৷

ইয়াৰ পাছত তেওঁ টুমপ্ৰেঙৰ আশিস নাথৰ ওচৰত বিক্ৰী কৰিছিল ৷ আশিসে এই মটৰচাইকেলখন বিক্ৰী কৰে কামপুৰ কুঁহিমাৰীৰ সূৰয নাথৰ ওচৰত ৷

চুৰি চক্ৰৰ স'তে মধুৰ সম্পৰ্ক ৰক্ষা কৰি অহা মূল অভিযুক্ত গুৰুমুখ সিঙে ইয়াৰ পূৰ্বে দুবাৰকৈ জে'লৰ  ভাত খাবলগা হৈছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷
 

Your Comments