ধুবুৰীত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী ভৱেশ কলিতাৰ

ধুবুৰীত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী ভেৱশ কলিতাৰ

ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত কেন্দ্ৰীয়ভাৱে উদ্‌যাপন কৰা হয় দেশৰ ৭২সংখ্যক স্বাধীনতা দিৱস । ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত উদ্‌যাপন হোৱা অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী ভবেশ কলিতাই ।

মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিসমুহৰ বিষয়ে বিশদভাৱে জানিবলৈ দিয়ে । অনুষ্ঠানত অসম আৰক্ষী, গৃহৰক্ষী বাহিনী, স্কাউট-গাইডৰ লগতে বিভিন্ন বিদ্যালয়ৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে পেৰেডত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীক অভিবাদন জ্ঞাপন কৰে ।

ধুবুৰীত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী ভেৱশ কলিতাৰ

অনুষ্ঠানত জিলাখনৰ বিভিন্ন অঞ্চলৰ সাস্কৃতিক দলসমূহে নিজ নিজ থলুৱা নৃত্যৃ-গীত প্ৰদৰ্শন কৰে । কটকটীয়া নিৰাপত্তাৰ মাজত আজি উদ্‌যাপন কৰা হয় দেশৰ স্বাধীনতা দিৱস ।

অনুষ্ঠানত শ শ ৰাইজে উপস্থিত থাকি মনোমোহা পৰিবেশত বিভিন্ন অনুষ্ঠানসমূহ উপভোগ কৰে । ইপিনে পতাকা উত্তোলনৰ পিছতেই জিলা আৰক্ষী অধীক্ষকক বিশেষ পাৰদৰ্শিতা বঁটা প্ৰদান কৰাৰ লগতে বিভিন্ন স্বেচ্ছাসেৱী সংগঠন, কৃতি শিক্ষাৰ্থীক বঁটা প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ।

আনহাতে, ধুবুৰীৰ প্ৰবীণ সাংবাদিক বিজয় শৰ্মা আৰু তাৰকেশ্বৰ পালক বিশেষভাবে সম্বৰ্ধনা দিয়া হয়। ধুবুৰীৰ বিলাসীপাৰাতো দেশৰ ৭২সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মহাকুমাধিপতি ৰহণ কুমাৰ ঝাই ।

Your Comments