সমগ্ৰ ৰাজ্যৰ লগেত তামুলপুৰ মহকুমা প্ৰশাসনে এইবেলি ১৩, ১৪, ১৫ আগষ্টত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশৰ ৭২সংখ্যক স্বাধীনতা দিৱস উদ্যাপন কৰে।
১৪ আগষ্টৰ পুৱা স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীৰ সহযোগত সমূহীয়া দৌৰ, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ মাজত খেল-ধেমালি, চিত্ৰাঙ্কন প্ৰতিযোগিতা অনুষ্ঠিত হয় ।
১৫ আগষ্টৰ পুৱা প্ৰভাত ফেৰী, নাগৰিকসকলৰ ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছত চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান-প্ৰতিষ্ঠানত পতাকা উত্তোলন, ৯ বজাত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত সমূহীয়া কাৰ্যসুচী আৰম্ভ হয় ।
কাৰ্যসূচীৰ প্ৰথমে মহাত্মাগান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বালন কৰি পতাকা উত্তোলন কৰে মহকুমাধিপতি সুজিৎ বাগলাৰীয়ে । তামুলপুৰ মহকুমাৰ অন্তৰ্গত ৬০গৰাকীকৈ প্ৰগতিশীল কৃষকক সম্বৰ্ধনা জ্ঞাপন কৰা হয় এই অনুষ্ঠানত ।
স্বাধীনতা দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহো বিতৰণ কৰা হয় । অনুষ্ঠানত তামুলপুৰ মহকুমা সাংস্কৃতিক বিভাগৰ সৌজন্যত জনগোষ্ঠীয় নৃত্য পৰিবেশন কৰা হয় ৷
আবেলি এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয় । স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বিধায়ক ইমানুৱেল মুচাহাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য দেৱেন বড়ো, প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী, চক্ৰ বিষয়া আদিত্য গগৈ, নাগ্ৰীজুলি খণ্ড উন্নয়ন বিষয়া জ্যোতিষ কাকতি, তামুলপুৰ খণ্ড উন্নয়ন বিষয়া চানচুমা বসুমতাৰী, চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ লগতে তামুলপুৰৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ।
- Log in to post comments
- 5 views